![]()
বিভাস দুৱৰা
ডিব্ৰুগড়ঃ
পুনৰ নাগৰিকত্ব সংশোধনী আইনক লৈ ছাত্ৰ সন্থা সৰব হৈ পৰিল।অতিমহামাৰী ক’ৰোনাৰ বাবে চলিত বৰ্ষৰ প্ৰায় পাঁচ/ছয়মাহ এই ‘কা’ বিৰোধী আন্ধোলন স্তিমিত হৈ পৰিছিল যদিও ক’ৰোনা কিছু হ্ৰাস পোৱাত তথা চৰকাৰী কিছু শিথিলতা অহাত পুনৰ জাঙুৰ খাই পৰিছে সদৌ অসম ছাত্ৰ সন্থা।
আজি সন্ধিয়া ডিব্ৰুগড় চহৰত এই নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধীতাৰে ডিব্ৰুগড় আছুৱে এক প্ৰতিবাদী কাৰ্য্যসূচী গ্ৰহন কৰে।আজি সদৌ ডিব্ৰুগড় জিলাৰ ছাত্ৰ সন্থাৰ আহ্বানমৰ্মে আৰু সদৌ ডিব্ৰুগড় ছাত্ৰ সন্থাৰ উদ্যোগত কানৈ মহাবিদ্যালয়ৰ সন্মুখৰ পৰা এক প্ৰতিবাদী জোঁৰ সমদল বাহিৰ কৰে।
প্ৰতিবাদী ছাত্ৰ কৰ্মীসকলে কলেজৰ সন্মুখৰ পৰা বিশাল সমদল বাহিৰ কৰি চহৰখনৰ থানা চাৰিআলিত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।’কা’ আমি নামানো! ‘কা’ বাতিল হবই লাগিব!বিজেপি চৰকাৰ হাই হাই!মোদীৰ চৰকাৰ হাই হাই! আদি শ্লোগানেৰে সমগ্ৰ ৰাজপথ উত্তাল কৰি তোলে।সমগ্ৰ ডিব্ৰুগড় জিলাতেই একে সময়তে আৰম্ভ হোৱা এই প্ৰতিবাদী কাৰ্যসূচী ‘কা’ বাতিল নোহোৱা পৰ্যন্ত এতিয়াৰে পৰা অব্যাহত থাকিব বুলি ছাত্ৰ সন্থাৰ কৰ্মীসকলে উল্লেখ কৰে।













