![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
আমিনগাঁৱৰ কুমাৰ ভাস্কৰ বৰ্মন ক্ষেত্ৰত অনুষ্ঠিত এক বিশাল সভাত আজি যোগদান কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। শুকুৰবাৰে নিশা আহি বৰঝাৰ বিমানবন্দৰত উপস্থিত হোৱা গৃহমন্ত্ৰীগৰাকী নিশাটো কটায় আমিনগাঁৱৰ গড়কাপ্তানী বিভাগৰ ডাক বঙলাত। ইতিমধ্যে তাতেই মুখ্যমন্ত্ৰী, মুখ্য সচিব আৰু ডিজিপিৰে এক বৈঠকত মিলিত হয় গৃহমন্ত্ৰী অমিত শ্বাহ। আনহাতে, বিজেপিৰ ক’ৰ কমিটি আৰু বিটিচিৰ নতুন পাৰিষদসকলৰ সৈতেও বৈঠকত মিলিত হ’ব।
কুমাৰ ভাস্কৰ ক্ষেত্ৰত ইতিমধ্যে উপস্থিত হৈছে অজস্ৰ জনতা। সভাত অংশগ্ৰহণ কৰি অমিত শ্বাহে আনুষ্ঠানিকভাৱে মুকলি কৰে চাৰিখন আঁচনি। ইয়াৰে ভিতৰত গুৱাহাটীৰ নতুন চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰে গৃহমন্ত্ৰীয়ে। লগতে ১৫০ কোটি ব্যয় সাপেক্ষে কৰিবলগা বটদ্ৰবা থানৰ উন্নয়নৰ আধাৰশিলাও স্থাপন কৰে গৃহমন্ত্ৰীয়ে। অসম দৰ্শন আঁচনিৰ অধীনত ৫০ বছৰৰ অধিক পুৰণি ৮০০০ নামঘৰলৈ ৰাজ্য চৰকাৰে আগবঢ়াব বিচৰা আৰ্থিক বৰঙণি আঁচনিখনো আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। ইয়াৰ লগতে অসমৰ বিভিন্ন স্থানত স্থাপন হ’বলগীয়া ১২খন আইন মহাবিদ্যালয়ৰ আধাৰশিলাও আমিনগাঁৱতে আনুষ্ঠানিকভাৱে স্থাপন কৰে।
উল্লেখযোগ্য যে আজি নিশাটো গুৱাহাটীত কটোৱাৰ পিছত দেওবাৰে পুৱাই কামাখ্যা দৰ্শন কৰি ইম্ফললৈ ৰাওনা হ’ব।













