![]()
নিউজ ডেস্কঃ
জম্মু-কাশ্মীৰৰ দৰে অশান্ত এখন ঠাইত বাছ চালক হোৱাতো বৰ সহজ কথা নহয় ৷ তেনে স্থলত জম্মু-কাশ্মীৰে পাবলৈ সক্ষম হ’ল তেওঁলোকৰ প্ৰথম গৰাকী মহিলা বাছ চালক ৷ ডিচেম্বৰৰ ২৪ তাৰিখে জম্মু-কাশ্মীৰ পথত প্ৰথমবাৰৰ বাবে যাত্ৰী অনা-নিয়া কৰিলে পূজা দেৱী বোলা এই সাহসী মহিলাগৰাকীয়ে ৷

পৰিয়ালৰ অন্যান্য সদস্যৰ লগতে স্বামীৰ পৰাও এই কাম কৰাৰ ক্ষেত্ৰত বাধা পোৱাৰ পিছতো আগবাঢ়ি যোৱাটো বৰ সহজ নাছিল মহিলা গৰাকীৰ বাবে ৷ তথাপি পৰিয়ালক ভৰণ-পোষণৰ লগতে পেশাদাৰী গাড়ী চালক হোৱাৰ সপোন পূৰ কৰিবলৈকে এই পথ বাচি লৈ দৃঢ়তাৰে আগবাঢ়ি সফল হ’ল তিনিটা সন্তানৰ মাতৃ পূজা দেৱী ৷












