![]()
নগাঁও : নগাঁও চহৰৰ অগ্ৰনী শিক্ষানুষ্ঠান ৰামানুজন কনিষ্ঠ মহাবিদ্যালয়ত লক্ষিমপুৰ নিবাসী গোবিন্দ বৰদলৈ ব্যৱস্থাপনাত আজি “মা” শীৰ্ষক এক গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠান অনুষ্ঠিত হয়। মাতৃ স্থানীয় মহিলা সকলক সেৱাৰ উদ্দেশ্যে অনুষ্ঠিত এই অনুষ্ঠানটিত গণিতজ্ঞ ৰামানুজনৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনৰে শুভাৰম্ভ কৰা হয়। অনুষ্ঠানটিৰ জি বৰদলৈ এন্টাৰপ্ৰাইজৰ স্বতাধীকাৰী গোবিন্দ বৰদলৈয়ে অনুষ্ঠানৰ উদ্দেশ্য ব্যাখ্যাৰ প্ৰসংগত ব্যক্তিৰ জীৱনত মাতৃৰ ভূমিকা বাখ্যা কৰি সমগ্ৰ সভাকক্ষ আবেগিক কৰি তোলে। নিজৰ সন্তানৰ বাবে শৰীৰৰ শ্ৰম, হাজাৰ দুখ কষ্ট নেওচি যি গৰাকী মাতৃয়ে নিজৰ জীৱন বিপন্ন কৰি তুলিব পাৰে, সেই মাতৃগৰাকী অকল স্নেহাময়ীয়েই নহয় মহিমাময়ীও। ভাষন প্ৰসংগত বৰদলৈয়ে কয় : “মা” এটি শব্দ নহয়।

‘মা’ হৈছে আমাৰ আশ্ৰয়, বিশ্বাস আৰু সাহসৰ মুৰ্ত্ত প্ৰতীক। যাৰ বাবে আমি পৃথিৱী দেখাৰ সৌভাগ্য লাভ কৰো। ৰামানুজন কনিষ্ঠ মহাবিদ্যালয় অধ্যক্ষ দিলীপ কুমাৰ বৰাৰ সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠানত নগাঁও কলেজৰ অধ্যক্ষ ড: শৰৎ বৰকটকী, গল্পকাৰ শিৱানন্দ কাকতি, অৱসৰপ্ৰাপ্ত অধ্যাপক বিপুল বৰা, অৱসৰপ্ৰাপ্ত অধ্যাপিকা স্বপ্না নেওগ, শিক্ষাবিদ ভাৰত নাথ আদিয়ে অংশগ্ৰহণ কৰে। অনুষ্ঠানত নগাঁও চহৰৰ মাতৃ স্থানীয় মহিলাসকলক সেৱা আগবঢ়োৱা হয়। কনিষ্ঠ মহাবিদ্যালয়খনৰ উপাধ্যক্ষা সংগীত বৰুৱা বৰাৰ পৰিচালনাত অনুষ্ঠানৰ লগত সংগতি ৰাখি ড: ভূপেন হাজৰিকাৰ সংগীত আদিও পৰিবেশন কৰা হয়। মহাবিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰীয়ে নৃত্য আৰু গীত পৰিৱেশন কৰাৰ লগতে জনপ্ৰিয় কন্ঠশিল্পী কৃষ্ণামনি নাথৰ গীতেৰে মুখৰিত হৈ পৰে। তদুপৰি অসমৰ বিশিষ্ট কন্ঠশিল্পী মহেন্দ্ৰ হাজৰিকা আৰু তেওঁৰ সমধৰ্মীনি প্ৰাৰ্থনা বৰঠাকুৰৰ গীতৰ তালত সকলো মুগ্ধ হৈ পৰে।












