নিউজ ডেক্স:
ক’ভিড ভেক্চিনৰ প্ৰথম ক্লিনিকেল ট্ৰায়েল শোণিতপুৰ আৰু নলবাৰী জিলাত অহা সোমবাৰৰপৰা আৰম্ভ হ’ব ৷ জিলা দুখনৰ পাঁচখনতকৈয়ো অধিক হস্পিতালত পোনপ্ৰথমে এই ভেক্চিন দিয়া প্ৰক্ৰিয়াটো আৰম্ভ কৰা হ’ব বুলি চৰকাৰী সূত্ৰত প্ৰকাশ পাইছে ৷ এই ট্ৰায়েল প্ৰক্ৰিয়াটোৰ প্ৰথমটো ভাগত কেৱল স্বাস্থ্যকৰ্মী আৰু আংগনবাড়ী কৰ্মীসকলক ভেক্চিন প্ৰদান কৰা হ’ব ৷
শোণিতপুৰ জিলাত ভেক্চিন দিয়া প্ৰক্ৰিয়াটোৰ দায়িত্বত থাকিব তেজপুৰ মেডিকেল কলেজ, তেজপুৰ Urban PHC, ঢেকীয়াজুলি চিভিল হস্পিতাল,ৰঙাগৰা PHC আৰু ব্যক্তিগত চিকিৎসালয় টাইম্ছ হস্পিতেল৷ এই সমগ্ৰ ট্ৰায়েল প্ৰক্ৰিয়াটো WHOৰ ৰিপ্ৰেজেণ্টেটিভৰ উপস্থিতিত সম্পন্ন কৰা হ’ব আৰু জিলা কৰ্তৃপক্ষই ইয়াৰ বাকীবোৰ দিশ পৰ্যালোচনা কৰি বিহিত ব্যৱস্থা লোৱাৰ দায়িত্বত থাকিব ৷













