![]()
অজন্তা তালুকদাৰ
বোকাখাত : যোৱা ২৭ ডিচেম্বৰত বোকাখাতৰ জ্যেষ্ঠ সাংবাদিক তথা বোকাখাত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ৰাতুল ৰাজখোৱালৈ অৰণ্য সুৰক্ষা সমিতি, অসমে ৰূপালীজয়ন্তী বৰ্ষ উপলক্ষে অনুষ্ঠিত বিশেষ অধিবেশনত ৰাজ্যিক ‘সেউজ সন্মান’ প্ৰদান কৰে ৷
যোৱা ১৯৯৮-৯৯ বৰ্ষত কাজিৰঙাৰ ছাটাই বনকৰ্মী সকলক মকৰল কৰাৰ লগতে ৰাষ্ট্ৰীয় উদ্যানখনক সুৰক্ষিত তথা বেদখলমুক্ত কৰাৰ দাবীত চলোৱা আন্দোলন সফল কৰি তোলাৰ ক্ষেত্ৰত ৰাজখোৱাই আগবঢ়োৱা মহৎ বৰঙণিৰ বাবে এই সন্মান প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে সংগঠনটোৱে। ৰাজখোৱাৰ লগতে কাজিৰঙাৰ প্ৰাক্তন বনকৰ্মী চিন্ময় ধৰ আৰু জখলাবন্ধা আৰক্ষীচকীৰসমূহ আৰক্ষীলৈকো প্ৰদান কৰা হৈছে এই ৰাজ্যিক সন্মান। এই উপলক্ষে চৰাইদেউ জিলাৰ বৰহাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিৰাজ গগৈৰ পৌৰহিত্যত অনুষ্ঠিত মুকলি সভাত মাজুলিৰ সত্ৰাধিকাৰ তথা মাজুলি অৰণ্য সুৰক্ষা সমিতিৰ সভাপতি জনাৰ্দ্দন গোস্বামীয়ে ৰাজখোৱালৈ এই সন্মান আগবঢ়ায় ৷
ইয়াৰ পূৰ্বে পুৱা সমিতিৰ পতাকা উত্তোলন, শ্বহীদ তৰ্পন, বৃক্ষ ৰোপন আৰু কেন্দ্ৰীয় সমিতিৰ সভাপতি কৃষ্ণ বৰাৰ পৰিচালনাত অনুষ্ঠিত প্ৰতিনিধি সভাত বিগত কাৰ্যকালৰ এক প্ৰতিবেদন পাঠ কৰে সচিব প্ৰধান হৰিচৰন দাসে ৷ অধিবেশনত ৰূপালীজয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠানলৈ ভাৰতৰ উপৰাষ্ট্ৰপতিক আমন্ত্ৰণ কৰি অহা অক্টোবৰ মাহত ওৰাং জিলাত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷













