![]()
অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ ৭৩ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে লাকুৱাৰ গমধৰ কোঁৱৰ খেলপথাৰত আয়োজিত বৰ্ণাঢ্য অনুষ্ঠানত আজি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অংশগ্ৰহণ কৰে।
অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে বিশিষ্ট সাহিত্যিক সুশীল চন্দ্ৰ কুৰ্মীক ছাইমন সিং হ’ৰ’- সন্তোষ কুমাৰ তপ্ন বঁটা প্ৰদান কৰাৰ লগতে সদ্যঘোষিত অসম লোকসেৱা আয়োগৰ পৰীক্ষাত সুখ্যাতিৰে স্থান লাভ কৰা বিক্ৰম চাষা আৰু দীপাৱলী কুৰ্মীক সম্বৰ্ধনা জ্ঞাপন কৰে।












