ষ্টাফ ৰিপ‘ৰ্টাৰ:
বৰ্তমান বিজেপিলৈ ঢাপলি মেলিছে বিভিন্ন ৰাজনৈতিক দলৰ নেতা-কৰ্মীয়ে। প্ৰতিদিনে বিজেপিত যোগদান কৰিছে ৰাজ্যৰ বহু প্ৰভাৱশালী ৰাজনীতিকে। আজি গেৰুৱাবসন পৰিধান কৰিব অজন্তা নেওগে কিন্তু তাৰ মাজতে এজন বিশেষ ব্যক্তিয়ে বিজেপিত যোগদান কৰিব বুলি সৰ্বত্ৰ চৰ্চা চলিছে।
ৰাজহুৱা সভাত অসমীয়াক আক্ৰমণ কৰাৰ ভাবুকি দিয়া AIUDFৰ নেতা এতিয়া আকৃষ্ট হৈছে বিজেপিৰ প্ৰতি! হত্যাৰ গোচৰত অভিযুক্ত AIUDFৰ প্ৰাক্তন বিধায়ক শ্বেখ শ্বাহ আলম এতিয়া বিজেপিৰ দ্বাৰস্থ হৈছে ৷
বিশ্বস্ত সূত্ৰৰ মতে আজি অজন্তা নেওগৰ সৈতে বিজেপিত যোগদানৰ সম্ভাৱনা আছে শ্বেখ শ্বাহ আলমৰ। মুকলিকৈ হিন্দুক ভাবুকি দি, ৩০ বছৰৰ পিছত অসমত মুছলমানে শাসন কৰিব বুলি মন্তব্য কৰি চৰ্চালৈ অহা এইজন নেতাই বিজেপি গমন কৰিবলৈ লোৱাৰ বিষয়টোৱে এতিয়া সৰ্বত্ৰ চৰ্চা লাভ কৰিছে।
বৰ্তমান বিজেপিলৈ ঢাপলি মেলিছে বিভিন্ন ৰাজনৈতিক দলৰ নেতা-কৰ্মীয়ে। প্ৰতিদিনে বিজেপিত যোগদান কৰিছে ৰাজ্যৰ বহু প্ৰভাৱশালী ৰাজনীতিকে। অহা কাইলৈ গেৰুৱাবসন পৰিধান কৰিব অজন্তা নেওগে কিন্তু তাৰ মাজতে এজন বিশেষ ব্যক্তিয়ে বিজেপিত যোগদান কৰিব বুলি সৰ্বত্ৰ চৰ্চা চলিছে।