![]()
প্ৰত্যেক বছৰৰ শেষৰ ফাললৈ সকলোৰে মনত উখল-মাখল লাগে পৰিয়াল বা আত্মীয়ৰ সৈতে বনভোজ অৰ্থাৎ পিক্নিকলৈ খাবলৈ যোৱাৰ ৷ কিন্তু বৰ্তমান সময়ত এনে বহুলোক আছে যি নিজৰ মাক-দেউতাকক বোজা সদৃশ জ্ঞান কৰি পথত এৰি থৈ যায় বা বৃদ্ধাশ্ৰমত থৈ যায় ৷ সেইসকল বৃদ্ধই আত্মীয়ৰ সৈতে বনভোজ খোৱাৰ হেপাহকণো হেৰুৱাই পেলাব লগা হয় ৷

কিন্তু এনেকুৱা এখন পৃথিৱীতেই এক অন্যধৰণৰ মানুহেও বাস কৰে ৷ ২০১২ চনত উৎপল হৰ্ষবৰ্ধন আৰু মনিকা শৰ্মাৰ অহোপুৰুষাৰ্থৰ ফল মাদাৰ বৃদ্ধাশ্ৰমে প্ৰতিষ্ঠা লাভ কৰিছিল ৷ তেওঁলোকে অতি আন্তৰিকতাৰে শাৰীৰিক আৰু মানসিক সহায়তাৰে বৃদ্ধ-বৃদ্ধাসকলৰ শুশ্ৰূষা কৰি আহিছে ৷ নিজৰ ঘৰৰপৰা আঁতৰি থাকিব লগা হোৱা এইসকল ককা-আইতাক কোনোটো উৎসৱ বা আনন্দৰপৰাই বঞ্চিত নকৰে উৎপল-মনিকাই ৷

উৎপল হৰ্ষবৰ্ধনৰ প্ৰচেষ্টাতে আজি এই সকল ককা-আইতাক লৈ ব্ৰহ্মপুত্ৰৰ বালিচাপৰিত বনভোজৰ আয়োজন কৰা হয় ৷ নিজৰ ঘৰখনে বোজা বুলি আঁতৰ কৰি দিয়া সকলো থাকিও অকলশৰীয়া হোৱা ককা-আইতাসকলে অন্য এজন হৃদয়বানৰ বাবে আজি অতি আনন্দৰে তেওঁলোকৰ দিনটো উদ্যাপন কৰিবলৈ সক্ষম হোৱাৰ লগতে অন্য এখন আপোন ঘৰ পাইছে ৷













