![]()
দেশৰ চাৰিখন ৰাজ্যত আৰম্ভ হোৱা কৰোনা টীকাৰ ‘ড্ৰাই ৰান’ চলি আছে অসমতো৷ ইয়াৰ অংশ হিচাপে আজি নলবাৰী জিলাৰ ৫খন হস্পিটেল আৰু স্বাস্থ্য কেন্দ্ৰৰ ২৫জন স্বাস্থ্যকৰ্মীয়ে কৰোনা টীকাৰ মকড্ৰিলত অংশগ্ৰহণ কৰে৷ উল্লেখ্য যে অসমৰ শোণিতপুৰ আৰু নলবাৰী জিলাক এই ড্ৰাই ৰানৰ বাবে নিৰ্বাচন কৰা হৈছে৷
নলবাৰীৰ শ্বহীদ মকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত এই মকড্ৰিল আৰম্ভ হয় পুৱা ৯ বজাত৷ প্ৰতিটো কেন্দ্ৰতে এজন সুৰক্ষাকৰ্মীসহ ৫জন ব্যক্তিয়ে এই টীকাকৰণত অংশগ্ৰহণ কৰে৷ জিলাখনত নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়, বালিতাৰা জনস্বাস্থ্য কেন্দ্ৰ, ঘগ্ৰাপাৰ ব্লক পিএইচচি, নগৰীয়া স্বাস্থ্য কেন্দ্ৰ আৰু সাৰথি নাৰ্ছিং হোমক এই পৰীক্ষামূলক টীকাকৰণৰ বাবে নিৰ্বাচন কৰা হৈছে৷ ড্ৰাই ৰানৰ প্ৰথম দিন সোমবাৰে বিষয়াসকলে এই কোভিড-১৯ টীকাকৰণৰ ড্ৰাই ৰানৰ বাবে নিৰ্বাচিত হিতাধিকাৰীসকলৰ তালিকা প্ৰকাশ কৰে৷ বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰতিনিধিৰ উপস্থিতিত বিষয়াসকলে এই কাৰ্য পৰিচালনা কৰে৷ জিলা টীকাকৰণ বিষয়া ডঃ হেমন্ত কুমাৰ দাসে সাংবাদিকৰ আগত প্ৰকাশ কৰা মতে, অতি প্ৰতীক্ষিত কৰোনা ভাইৰাছ টীকাকৰণৰ এই ড্ৰাই ৰান কাৰ্যসূচী আটাইকেইটা স্থানতে পুৱা ৮.১৫ বজাত একেলগে আৰম্ভ হয়৷ ড্ৰাই ৰান কাৰ্যসূচীৰ সময়ছোৱাত স্বাস্থ্য বিষয়াসকলে সমগ্ৰ দিশৰ ওপৰত নজৰ ৰাখে৷
উল্লেখ্য যে নলবাৰী জিলাত আগশাৰীৰ ৫,৬৭১গৰাকী স্বাস্থ্যকৰ্মীক প্ৰকৃত টীকাকৰণৰ বাবে ইতিমধ্যে চিনাক্ত কৰিছে৷ বিশ্ব স্বাস্থ্য সংস্থাৰ উচ্চ স্তৰীয় বিষয়া ডঃ ধীৰেন গগৈ ড্ৰাই ৰান কাৰ্যসূচীত উপস্থিত থাকে৷ ইয়াৰ উপৰি এই কাৰ্যসূচীত উপস্থিত থাকে জিলা উপায়ুক্ত পূৰবী কোঁৱৰ, যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডঃ উমেশ ফাংচুও উপস্থিত থাকে৷












