![]()
প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী তথা বিধায়িকা অজন্তা নেওগ, বিধায়ক ৰাজদ্বীপ গোৱালা আৰু গৌৰীপুৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক বলিন মুছাহাৰীয়ে আজি আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে৷ হেঙেৰাবাৰীস্থিত ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত আজি বেজিপত যোগদান কৰা নেতা কেইজনক সভাপতি ৰঞ্জিত দাসে আদৰণি জনায় ৷

লগতে তিনিওগৰাকীকে ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ সদস্য হিচাপে মনোনীত কৰে৷ ৰাজ্যিক উপ-সভাপতি পুলক গোঁহায়ে আঁতধৰা অনুষ্ঠানটোত উপস্থিত থাকে নেডাৰ আহ্বায়ক ডঃ হিমন্ত বিশ্ব শৰ্মা, বিজেপিৰ ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মা, মন্ত্ৰী পৰিমল শুক্লবৈদ্য, বিধায়ক মৃণাল শইকীয়া, অশোক সিংঘাল, প্ৰশান্ত ফুকনকে আদি কৰি কেইবাগৰাকীও বিজেপিৰ নেতা৷












