![]()
প্ৰধানমন্ত্ৰী কৃষি জলসিঞ্চন যোজনা (PMKSY)ৰ অধীনত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আমিনগাঁৱত হিতাধিকাৰী কৃষকসকলৰ মাজত পাম্প বিতৰণ অনুষ্ঠানৰ শুভাৰম্ভ কৰে।
তদুপৰি, মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয় গৱেষণাগাৰ, প্ৰেক্ষাগৃহ আৰু অতিথিশালাৰ আধাৰশিলা স্থাপন কৰাৰ লগতে জলসিঞ্চন বিভাগৰ শাখা সহায়কৰ নিযুক্তি-পত্ৰ প্ৰদান কৰে।

আজিৰ অনুষ্ঠানত ৩৫,৭৯৩ গৰাকী কৃষকৰ মাজত ৯,৬৯৯টা পাম্প আনুষ্ঠানিকভাৱে বিতৰণ কৰা হয়।
ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয় যে ৫৩৯.০৫ কোটি টকাৰ অনুদানেৰে প্ৰায় ৩ লাখ বিঘা কৃষিভূমিত জলসিঞ্চনৰ ব্যৱস্থা কৰা হৈছে।












