![]()
ইংৰাজী নৱবৰ্ষ প্ৰথম দিনটোতে ৰাজ্য লাখ-লাখ শিক্ষাৰ্থীৰ বাবে ভাল খবৰ দিলে উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে। ২০২১ বৰ্ষ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা মাৰ্চৰ প্ৰথম সপ্তাহৰ পৰা অনুষ্ঠিত হ’ব। কলা, বিজ্ঞান, বাণিজ্যক তিনিওটা শাখাৰে পৰীক্ষা অনুষ্ঠিত হ’ব। পৰীক্ষাত যাতে কোনো বিসংগতি নহয় তাৰ প্ৰতিলক্ষ্য ৰাখি পৰীক্ষা সুচাৰুৰূপে সম্পাদন কৰিবলৈ যাৱতীয় প্ৰস্তুতি আৰম্ভ কৰিছে শিক্ষা সংসদে। সংসদৰ সচিব ড: ৰমেশ চন্দ্ৰ চুতিয়া নেতৃত্বত উচ্চ পৰ্যায়ৰ কমিটি ইতিমধ্যে গঠন কৰা হৈছে। ৩১ডিচেম্বৰত শিক্ষা সংসদৰ কাৰ্যালয়ত এই বিষয়ত আলোচনা সন্দৰ্ভত অনুষ্ঠিত হয় এখন বৈঠক।বৈঠকত বহুকেইটা গুৰুত্বপূৰ্ণ ইতিবাচক দিশৰ ওপৰত আলোচনা হয়।
উল্লেখ মহামাৰি কৰ’না ভাইৰাছৰ বাবে শিক্ষানুষ্ঠান বন্ধ হৈ থকাৰ পৰিপ্ৰেক্ষিতত পৰীক্ষাৰ্থীসকলৰ ভৱিষ্যতৰ কথা চিন্তা কৰি চলিত বর্ষত ৩০শতাংশ পাঠ্যক্ৰম হ্ৰাস কৰিছে শিক্ষা সংসদে।

ইফালে বিগত বৰ্ষসমূহত স্বচ্ছভাৱে পৰীক্ষাৰ অনুষ্ঠিত কৰিব নোৱাৰা কেন্দ্ৰ সমূহৰ বাতিল হ’ব স্বীকৃতি। অৰ্থাৎ কৰ্তন হ’ব এইসমূহ পৰীক্ষা কেন্দ্ৰ। তদুপৰি প্ৰথমবাৰৰ বাবে পৰীক্ষা কেন্দ্ৰৰ দায়িত্বত থকা শিক্ষানুষ্ঠানৰ মূৰব্বীয়ে দক্ষতাৰ ওপৰত নিশিত পত্ৰত স্বাক্ষৰ কৰিব লাগিব শিক্ষা সংসদৰ সচিবক। এই কথা জনালে সচিব চুতীয়াই।প্ৰতিটো পৰীক্ষা কেন্দ্ৰত সুউচ্চ দেৱাল, চিচিটিভি, নিকটৱৰ্তী ডাকঘৰ, চিকিৎসালয় থকাটো বাধ্যতামূলক। উক্ত নীতি নিয়ম নথকা বহু পৰীক্ষা কেন্দ্ৰই পৰীক্ষা পৰিচালনা পৰা বাদ পৰিব বুলি স্পষ্ট কৰিছে শিক্ষা সংসদৰ সচিব ড: চুতিয়াই।
শৈক্ষিক অনুমতি আৰু স্বীকৃতিৰ ক্ষেত্ৰতো আগন্তুক দিনবোৰত সংস্কাৰ আহিব। বিষয়া কৰ্মচাৰী পদোন্নতিৰ পৰা নিযুক্তিলৈ এক আশাৰ বতৰা কঢ়িয়াই আনিব ।
পূৰ্বৰ দৰে শীৰ্ষ ১০টা স্থানে বাহাল থাকিব পৰীক্ষাত। এই কথা জানিব দিয়ে শিক্ষা সংসদৰ অধ্যক্ষ ড: দয়ানন্দ বৰগোহাঁইয়ে।













