![]()
ইংৰাজী নৱবৰ্ষ প্ৰথম দিনটোত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ছুপাৰ স্পেচিয়েলিটি হাস্পতাল আৰু আই বেংক আনুষ্ঠানিকভাৱে মুকলি কৰে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মাংগলিক কৰ্মই শুভাৰম্ভ কৰা হাস্পতালৰ প্ৰতিটো বিভাগ পৰিদৰ্শন কৰে মন্ত্ৰী শৰ্মাই।
আই বেংকত প্ৰতিজন ব্যক্তিয়ে নিজৰ চকু মৃত্যু পাছত দৃষ্টিহীন সকলৰ বাবে দান কৰিব পাৰিব।
শুভাৰম্ভনি অনুষ্ঠানত স্বাস্থ্য বিভাগ সচিব অনুৰাগ গোৱেল, ডঃ দীপিক ডেকা,জিএমচিএইচৰ অধ্যক্ষ অচ্যুত বৈশ্য, অনুপ বৰ্মন, সঞ্জয় মানছন্দ, জিএমচিএইচৰ অধীক্ষক অভিজিৎ শৰ্মা, বৰ্ণালী পাটগিৰিকে ধৰি বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে।
অত্যাধুনিক হাস্পতালখন উদ্বোধন কৰে মন্ত্ৰী শৰ্মাই কয়-আনন্দ আৰু গৌৰৱৰ দিন আজি।জিএমচিএইচ বিকাশৰ যাত্ৰাত এইয়া নতুন সংযোজন।
উল্লেখ অসমত জিএমচিএইচৰ উপৰিও অসম মেডিকেল কলেজ হাস্পতালত নিৰ্মীয়মান অৱস্থাত আছে দ্বিতীয়খন চুপাৰ স্পেচিয়েলিটি হাস্পতাল।অতি অত্যাধুনিক মেডিকেল ব্যৱস্থা ইয়াত সংযোজন কৰা বুলি জানিব দিয়ে মন্ত্ৰী গৰাকীয়ে।
আনহাতে ভাৰত চৰকাৰৰ সমান্তৰালকৈ ৰাজ্য চৰকাৰে ১০০কোটি ব্যয় জিএমচিএইচত দ্বিতীয়খন চুপাৰ স্পেচিয়েলিটি নিৰ্মাণৰ কাম ৯০% সম্পূৰ্ন হোৱা বুলি শৰ্মাই জানিব দিয়ে।













