![]()
নতুন বছৰত আৰম্ভ হৈছে ক’ভিড ভেক্চিন প্ৰদান কাৰ্যসূচী ৷ কামৰূপ মহানগৰ জিলাত কৰ’ণা ভেক্চিন দিবৰ বাবে প্ৰথম অৱস্থাত তিনিটা কেন্দ্ৰ বাচনি কৰা হৈছে ৷ সেইকেইটা হৈছে ক্ৰমে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়, সোনাপুৰ স্বাস্থ্য কেন্দ্ৰ আৰু খানাপাৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ ৷
এই স্বাস্থ্য কেন্দ্ৰ তিনিটাত শনিবাৰৰ পৰা কৰ’ণাৰ ভেক্চিন পৰীক্ষামূলক ভাবে দিয়া হৈছে। শনিবাৰে পুৱা ৯ বজাত পঞ্জীয়ন কৰি প্ৰদান হয় ভেকচিন ৷ এটা কেন্দ্ৰত ২৫ গৰাকীকৈ ব্যক্তিক দিয়া হৈছে ভেক্চিন।
পৰীক্ষামূলকভাৱে সমগ্ৰ দেশত আৰম্ভ কৰা এই ভেক্চিন প্ৰদান কৰা প্ৰক্ৰিয়াত, বা প্ৰদান কৰা সময়ত ল’বলগীয়া সাৱধানতা আদিৰ বিষয়ে বিতংকৈ পৰীক্ষা কৰা হ’ব। ইতিমধ্যে এই দিশত সাৱধানতাৰে আগবাঢ়িছে কেন্দ্ৰীয় চৰকাৰ।













