ষ্টাফ ৰিপ’ৰ্টাৰ:
ক’ৰোনা মহামাৰীৰ পিছত লাহে লাহে সাধাৰণ অৱস্থালৈ ঘুৰি আহিছে সমগ্ৰ ৰাজ্যৰ যাতায়ত ৷ পিছে সমস্যাৰ বিষয়টো হৈছে ক’ৰোনাৰ নাম লৈ বৃদ্ধি কৰা হৈছে বহুবোৰ প্ৰয়োজনীয় বস্তুৰ দামৰ লগতে যাতায়তৰ খৰছ ৷ গ্ৰাহকে প্ৰশ্ন কৰিলে এটাই মাত্ৰ উত্তৰ কৰ’নাৰ পিছত দাম বাঢ়িছে সকলোৰে ৷
কাষৰীয়া ৰাজ্য মেঘালয়লৈও যাবলৈও ভৰিব লগা হৈছে যাতায়তৰ নামত তিনিগুণ মূল্য ৷ পৰ্যটনৰ ক্ষেত্ৰখন বাদ দিও সাধাৰণ কাম-কাজ বা বহুলোক মেঘালয়ৰ NEIGRIHMS ত চিকিৎসাৰ বাবেও যায় ৷
তেনেলোকৰ বাবে পুনৰ আৰম্ভ হৈছে দুঃসময় ৷ আনহাতে, ক’ৰোনাৰ নাম লৈয়ে চুবুৰীয়া ৰাজ্যখনতো লুৎ কৰা হৈছে অসমৰপৰা যোৱা মানুহক ৷
জনসাধাৰণে আপত্তি কৰাৰ পিছতো বৰ্তমানলৈকে দুইখন ৰাজ্যৰ গৃহ বিভাগে লোৱা নাই কোনো ব্যৱস্থা বা যানবাহন চালকৰ বাবে নিৰ্দিষ্ট কৰি দিয়া হোৱা নাই যাত্ৰীৰপৰা ল’ব লগা ধনৰ পৰিমাণ ৷