![]()
লংকাৰ পৰা মনোজ কুমাৰ পাঠক
হোজাই জিলাৰ লংকা বন বিভাগে আজি এক অভিযান চলাই লংকাৰ কাকীৰ মইনাপুৰৰ পৰা জব্দ কৰে বুজন পৰিমাণৰ অবৈধ চেগুন গছৰ কুণ্ডা লগতে অবৈধ কাঠ ফলা কল । গোপন সূত্ৰৰ পম খেদি, বন বিভাগে কাকীৰ মইনাপুৰৰ পৰা গোপাল নাথ নামৰ লোকজনৰ নেতৃত্বত অবৈধভাৱে মজুত কৰি ৰখা অৱস্থাত উদ্ধাৰ কৰে মূল্যবান চেগুনৰ কুণ্ডাসমূহ।
জব্দকৃত অবৈধ চেগুনৰ কুণ্ডাখিনিৰ বজাৰ মূল্য অৰ্ধলক্ষাধিক টকাৰ অধিক হ’ব প্ৰকাশ কৰে বন বিভাগে ।
গোপাল নাথ নামৰ চোৰাং কাঠ মাফিয়াজন পলাতক অৱস্থাত আছে বুলি জানিব পৰা গৈছে। দীৰ্ঘদিনৰ পৰা এচাম ধুৰন্দ চোৰাং বনমাফিয়াই কাকী, নখুঁটি আদি ভিন্ন প্ৰান্তত এইদৰে অবৈধ কাঠফলা মিল গঢ়ি তুলি লামডিং সংৰক্ষিত বনাঞ্চলখন ধ্বংসৰ দিশলৈ ঠেলি দিছে।
উল্লেখ্য যে, লামডিং বনাঞ্চল খন বন মাফিয়া কবলৰ পৰা সুৰক্ষিত কৰা ক্ষেত্ৰত আমাৰ নিউজ চেনেলেৰে সবিস্তাৰে বাতৰি প্ৰকাশ কৰি আহিছে । লংকাৰ, লংকাজান বন বিভাগৰ কটকটীয়া অভিযানত আজি বহু বুজন পৰিমাণৰ মূল্যবান কাঠৰ কুণ্ডা লগতে অবৈধ কাঠ ফলা কল জব্দ কৰিবলৈ সক্ষম হৈছে লংকাৰ বন বিষয়া নিৰোদ কুমাৰ সুত আৰু বন পালক মনোজ শৰ্মাৰ নেতৃত্বত ।












