লংকাৰ পৰা মনোজ কুমাৰ পাঠক
হোজাই জিলাৰ সদৰ শংকৰদেৱ নগৰৰ কাছাৰী ময়দানত আজি অনুষ্ঠিত হয় প্ৰজ্ঞান ভাৰতীয় অধীনত ড° বাণীকান্ত কাকতি বঁটা প্ৰদান অনুষ্ঠান । উক্ত অনুষ্ঠানত হোজাই জিলাৰ স্হানপ্ৰাপ্ত ৬৩০ গৰাকী ছাত্ৰীৰ মাজত বিতৰণ কৰা হয় ড° বাণীকান্ত কাকতি মেধা বটা অৰ্থাৎ স্কুটী আৰু মানপাত্ৰ।
উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্হিত থাকে অসম চৰকাৰৰ মন্ত্ৰী পিয়ুজ হাজৰিকা। লগতে উপস্হিত থাকে হোজাই আৰু লামডিং সমষ্টিৰ দুই বিধায়ক শিলাদিত্য দেৱ আৰু শিবু মিশ্ৰ, হোজাই জিলাৰ অতিৰিক্ত উপায়ুক্ত গৌৰী শংকৰ দাস, জিলা পৰিবহণ বিষয়া আৰু জিলাখনৰ বিভিন্ন শিতানৰ গণ্য মান্য ব্যক্তিসকল। উক্ত অনুষ্ঠানত মন্ত্ৰী পিয়ুজ হাজৰিকাই নিজৰ ভাষণত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বৰ বিজেপি চৰকাৰে ৰাজ্যখনৰ বাবে কৰা বিভিন্ন দিশৰ উন্নয়নৰ খাতিয়ান দাঙি ধৰাৰ লগতে স্কুটী প্ৰসংগত তেওঁ কয় যে, ৰঙা স্কুটীয়ে ৰাইজৰ আগত চিনাক্ত কৰি দিৱ যে, ছোৱালীজনী মেধা।
আনহাতে আকৌ সাংবাদিকৰ লগত হোৱা আছুতীয়া সাক্ষাৎকাৰত পিয়ুজে ৰিপুন বৰাৰ অডিঅ’ ক্লীপ সন্দৰ্ভটো মন্তব্য প্ৰদান কৰে। ৰিপুন বৰাৰ লাজ-কাজ নাই, মানুহক অৱজ্ঞা কৰাটো তেওঁৰ চৰিত্ৰ। পীয়ুজৰ প্ৰশ্ন ৰিপুন বৰা লৈ, ৰিপুন বৰাই কওক সেইটো তেওঁৰ মাত নহয় বুলি?












