ষ্টাফ ৰিপ’ৰ্টাৰ:
সম্প্রতি অবৈধভাবে সীমান্ত পাৰ কৰিবলৈ চেষ্টা কৰা ৭ বাংলাদেশীক বিজিবিৰ হাতত গতাই দিয়ে বিএছএফে। জানিব পৰা মতে, বিএছএফর চোৰাংচোৱাই ৰামনগৰ সীমান্ত এলেকাৰ পৰা কেইবাজনো বাংলাদেশী ভাৰতত প্রবেশৰ পৰিকল্পনাৰ কথা জানিব পাৰে।
গোপন সূত্রৰ খবৰৰ ভিত্তিত সীমান্ত এলেকাত তীক্ষ্ণ পহৰাৰ ব্যৱস্থা কৰে বিএছএফে। ফলত সীমান্ত এলেকাত ৭ জন বাংলাদেশী শনিবাৰে পুৱা চাৰে পাঁচটাত বিএছএফৰ হাতত ধৰা পৰে।
ধৃত লোক কেইজনক জেৰা কৰি জানিব পৰা গৈছে যে বাংলাদেশৰ বগুলাৰ চুটি চুপৰিৰ পৰা তেওঁলোক অটোৰে আহি এজন দালালৰ ঘৰত এদিন আশ্রয় লয়। অবৈধভাবে ভাৰতত প্রবেশ কৰাই দিয়াৰ বাবে দালালজনক ১০,০০০ টকাও দিয়ে।
সীমান্ত এলেকাৰ পৰা ধৃত লোক কেইজনক দেওবাৰে বিজিবিৰ হাতত গতাই দিয়া হয়। দুই দেশৰ সীমান্তৰক্ষী বাহিনীৰ মাজত এখন ফ্লেগ মিটিঙৰ পিছত ধৃত কেইজনৰ ভিতৰত ৪ জনক কাৰডাঙ্গা আউটপোষ্টত আৰু বাকী কেইজনক চিলমাৰি, যাদৱপুৰ আৰু চাৰামাজাৰদিয়া আউটপোষ্টত বাংলাদেশ সীমান্তৰক্ষী বাহিনী (বিজিবি)ৰ হাতত গতাই দিয়ে বিএছএফে।