![]()
তিনিচুকীয়াৰ ডাঙৰীত অনুষ্ঠিত সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ ষষ্ঠ দ্বি-বাৰ্ষিক অধিৱেশনত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অংশগ্ৰহণ কৰে আৰু সোণোৱাল কছাৰীকে ধৰি অসমৰ সকলো জাতি-জনগোষ্ঠীৰ সৱলীকৰণৰ বাবে বিজেপি চৰকাৰৰ দায়বদ্ধতাৰ কথা উল্লেখ কৰে।
অনুষ্ঠানত বিশিষ্ট লোকসংস্কৃতিবিদ প্ৰমোদ সোণোৱালক আৰু ২০১৮ চনৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতা অৰ্জন কৰা সোণোৱাল কছাৰী জনগোষ্ঠীৰ প্ৰাৰ্থীসকলক তেখেতে সম্বৰ্দ্ধনা জ্ঞাপন কৰে।












