![]()
গুৱাহাটী দিছপুৰৰ মানবেন্দ্ৰ শৰ্মা কমপ্লেক্সত মঙলবাৰে অসম প্ৰদেশ যুৱ কংগ্ৰেছে সাব্যস্ত কৰে যুৱহুংকাৰ শীৰ্ষক কাৰ্যসূচী। নিবনুৱা সমস্যা, মূল্যবৃদ্ধি আৰু কৃষক বিৰোধী আইন বিৰোধিতাৰে ৰূপায়ন কৰা যুৱহুংকাৰস্থলীত উপস্থিত থাকে প্ৰায় সহস্ৰাধিক যুৱ কংগ্ৰেছকর্মী। বিজেপি গ’ বেগ, কংগ্ৰেছ জিন্দাবাদ, নৰেন্দ্ৰ মোডী হুচিয়াৰ ধ্বনিত উত্তাল হয় সমগ্ৰ পৰিৱেশ।

দিছপুৰৰ কাষতে ৰূপায়ন কৰা প্ৰতিবাদী কাৰ্যসূচীত সৰ্বভাৰতীয় যুৱ কংগ্ৰেছ সভাপতি শ্ৰীনিৰ্বাসন, প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি কামৰুল ইছলাম, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা, ৰকিবুল হুছেইন, গৌৰৱ গগৈ, ৰেকিবুদ্দিন আহমেদ, আব্দুল খালেক, আৰ পি শৰ্মা প্ৰমুখ্যে প্ৰদেশ কংগ্ৰেছৰ বহু শীৰ্ষ নেতা।
যুৱহুংকাৰ কাৰ্যসূচীৰ অংশ হিচাপে যুৱ কংগ্ৰেছীসকলে প্ৰতিবাদী সমদল উলিয়াইছিল যদিও আৰক্ষীয়ে সমদলত বাধা আৰোপ কৰে। মানবেন্দ্ৰ শৰ্মাৰ কমপ্লেক্সৰ সন্মুখৰ পৰাই আটক কৰে প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বৰ লগতে প্ৰতিবাদকাৰী সকলক।













