নিউজ ডেস্কঃ
বলিউডৰ ‘ডাবাং খান’ চলমানৰ ছবি ‘ৰাধে’ শীঘ্ৰেই ডাঙৰ পর্দাত মুক্তি পাব। ছবিখন সন্দৰ্ভত বৰ্তমানৰ ডাঙৰ খবৰটো হৈছে ছবিখনৰ ৰাইটছ অৰ্থাৎ স্বত্ত্ব বিপুল পৰিমাণৰ ধনৰ বিনিময়ত বিক্ৰী হৈছে। চলমান খানৰ অনুৰাগীসকল দীর্ঘদিন ধৰি ‘ৰাধে’ ছবিৰ অপেক্ষাত আছে। চলমানৰ অনুৰাগীসহ ফিল্ম ইণ্ডাষ্ট্ৰীত এই ছবিখনক লৈ উচ্চ প্রত্যাশা আছে। অনুমান কৰা হৈছে চলিত বছৰৰ ঈদৰ সময়ত ছবিখনে মুক্তি পাব পাৰে।
শেহতীয়া খবৰ মতে, এই ছবিখনৰ ৰাইট ২৩০ কোটি টকাত বিক্ৰী হৈছে। জি ষ্টুডিওই এই স্বত্ত্ব ক্ৰয় কৰিছে। জি ষ্টুডিও ডিজিটেলৰ বাবে ছেটেলাইট, থিয়েটাৰসহ স্বত্ত্ব ক্ৰয় কৰিছে। এইটো কৰোনাৰ সময়ত এক ডাঙৰ চুক্তি হিচাবে বিবেচনা কৰিব পৰা যায়।
চুক্তি অনুসৰি চলমান খানৰ প্রযোজনাত নির্মিত অন্যান্য পন্যও উক্ত প্লেটফর্মত প্রকাশ কৰা হ’ব। যাৰ ভিতৰত ওটিটি প্লেটফর্মৰ বাবে নিৰ্মিত ছবি ‘কাগাজ’ অন্তর্ভুক্ত আছে।
উল্লেখ্য, অধীৰ আগ্রহেৰে অপেক্ষা কৰা চলমান খানৰ অনুৰাগীসকল ‘ৰাধে’ক লৈ খুব উচ্ছ্বসিত। ছবিখন পৰিচালনা কৰিছে প্রভুদেৱাই। ছবিখনত চলমানৰ বিপৰীতে দেখা যাব দিশা পাটানিক। লগতে ৰণদীপ হুডা আৰু জেকি শ্রফকো ছবিখনত গুৰুত্বপূর্ণ চৰিত্রত অভিনয় কৰা দেখা যাব।