নিউজ ডেস্কঃ
২৫ ডিচেম্বৰত আমাজন প্রাইম ভিডিওত মুক্তি পাইছিল বৰুণ ধাৱন আৰু সাৰা আলি খান অভিনীত ছবি ‘কুলি নম্বৰ ১’। নিজৰ নব্বৈৰ দশকৰ ছুপাৰ হিট ছবিখনকেই নতুন আংগিকেৰে নিৰ্মাণ কৰিছিল পৰিচালক ডেভিড ধাৱনে। পিতৃৰ ছবিখনৰ প্রচাৰতো কোনো চেষ্টাৰ ত্ৰুটি এৰা নাছিল বৰুণ ধাৱনে।
কিন্তু চিনেমা আৰু টেলিভিছনৰ তথ্যভিত্তিক অন্যতম জনপ্রিয় ছাইট আইএমডিবি (IMDB)ত চূড়ান্ত ফ্লপৰ উপমা পালে বৰুণ-সাৰা যুটিৰ ছবিখনে। একেবাৰে নিম্নস্তৰৰ ৰেটিং।
দর্শকৰ প্রতিক্রিয়াৰ ভিত্তিতেই এই গড় ৰেটিং কৰা হৈছে। য’ত ১০ নম্বৰৰ ভিতৰত ১.৪ নম্বৰ লাভ কৰে কুলি নম্বৰ ১-এ। ছবিখনৰ তলত আছে মাত্র আলিয়া ভাট, সঞ্জয় দত্ত অভিনীত ‘সড়ক ২’ (১.১)।