![]()
নগাঁও : ৰাজ্য চৰকাৰৰ অসম বিজ্ঞান প্ৰযুক্তি বিদ্যা আৰু পৰিৱেশ পৰিষদৰ পৃষ্ঠপোষকতাত অসম বিজ্ঞান সমিতিৰ নগাঁও কলংপাৰ শাখাই নগাঁও কলেজৰ সহযোগত ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজিৰে পৰা দুদিনীয়াকৈ গ্ৰাম্য বিজ্ঞান মেলা ২০১৯-২০ অনুষ্ঠিত কৰিছে। অসম বিজ্ঞান সমিতি নগাঁও কলংপাৰ শাখাৰ সম্পাদক ডঃ ভূবন চন্দ্র চুতীয়াই আঁতধৰা আদৰণি অনুষ্ঠানত ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা বিজয় লক্ষ্মী শৰ্মাই আদৰণি ভাষণ প্ৰদান কৰে। অধ্যক্ষা শৰ্মাই তেওঁৰ ভাষণত সাম্প্রতিক বিশ্বত বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ যি উত্তৰণ ঘটা বুলি উল্লেখ কৰি কয় যে ইয়াৰ সমান্তৰালভাৱে আমাৰ সমাজ জীৱনত প্ৰচলিত বিভিন্ন কুসংস্কাৰ আৰু অন্ধবিশ্বাসো গঢ় লৈ উঠিছে। যাৰ পৰিণতিত জনজীৱনৰ প্ৰতি প্ৰত্যাহ্বানস্বৰূপ বিভিন্ন অপ্ৰত্যাশিত ঘটনা সংঘটিত হৈছে। অসম বিজ্ঞান সমিতিৰ উদ্যোগত সমাজখনক বিজ্ঞান মনস্তাত্বিকভাৱে সমৃদ্ধ কৰাৰ যি এক বাস্তৱিক প্ৰত্যয়পূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা হৈছে সেয়া নিশ্চয়কৈ আদৰনীয় আৰু প্ৰশংসনীয় পদক্ষেপ।
আজি অনুষ্ঠিত গ্ৰাম্য বিজ্ঞান মেলাখনি আনুষ্ঠানিকভাবে উদ্বোধন কৰে নগাঁও জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক মৃদুল কুমাৰ নাথে। পৰিদৰ্শক নাথে অসম বিজ্ঞান সমিতিৰ এই পদক্ষেপে ছাত্ৰ-ছাত্ৰীসকলক বিজ্ঞান শিক্ষাৰ প্ৰতি আকৰ্ষিত কৰিব বুলি মন্তব্য কৰে। অন্ধবিশ্বাস, কুসংস্কাৰৰ বিৰুদ্ধে বৈজ্ঞানিক মানসিকতাৰে সমাজখনক প্ৰতিনিধিত্ব কৰিব লাগে বুলি তেওঁ ছাত্ৰ-ছাত্ৰীসকলক পৰামৰ্শ দিয়ে। বিজ্ঞান মেলাখনিৰ লগত সংগতি ৰাখি আয়োজন কৰা বক্তৃতা অনুষ্ঠানত নগাঁও আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰৰ প্ৰধান বিজ্ঞানী ডঃ দীনেশ হাজৰিকাই কৃষি কৰ্মত বিজ্ঞান আৰু থলুৱা সম্পদৰ ব্যবহাৰ শীর্ষক মনোজ্ঞ বক্তৃতা প্ৰদান কৰে। ডঃ হাজৰিকাই তেওঁৰ ভাষণত সমৃদ্ধিশালী অসমৰ থলুৱা সম্পদৰ যথাযথ ব্যবহাৰৰ দ্বাৰা স্বাৱলম্বীতাৰ ক্ষেত্ৰত বাটকটীয়া হ’ব পাৰি বুলি মন্তব্য কৰে।

বিজ্ঞান মেলাত ৰহা অঞ্চলৰ প্ৰায় ২০খন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষত্ৰীয়ে অংশগ্ৰহণ কৰে। গ্ৰাম্য বিজ্ঞান মেলাখনিৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা কুইজ, আকস্মিক বক্তৃতা, বিজ্ঞান আৰ্হি প্ৰতিযোগিতাত নগাঁও মহাবিদ্যালয়ৰ ডঃ ফাৰিষ্টা য়াচমিন, নগাঁও আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰৰ বিজ্ঞানী ডঃ দীনেশ হাজৰিকা, ৰহা মীন মহাবিদ্যালয়ৰ অধ্যাপক ডঃ সাৰদা ভাগৱতী, নগাঁও চৰকাৰী বিদ্যালয়ৰ হিৰণ্য শৰ্মা আৰু সুনীতা লস্কৰ বিচাৰক হিচাপে উপস্থিত থাকে। গ্ৰাম্য বিজ্ঞান মেলাখনিত ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিৰ লগতে সমূহ শিক্ষক-শিক্ষয়ত্ৰী আৰু নগাঁও মহাবিদ্যালয়ৰ বিজ্ঞান শাখাৰ আটাইকেইটা বিভাগৰ এটি ছাত্ৰ-ছাত্ৰীৰ দল আৰু নগাঁও কলেজ এন. এছ. এছ গোটৰ সদস্যৰ এটি দলে অংশগ্রহণ কৰে।
শেষত নগাঁও কলংপাৰ শাখাৰ কাৰ্যকৰী সভাপতি ডঃ ৰাণা সঞ্জয় কুমাৰ সিঙে সকলোকে ধন্যবাদ জনায়।













