![]()
ৰাজ্যৰ ছাত্ৰ-ছাত্ৰীসকলৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত অসম মাধ্যমিক শিক্ষা পৰিষদৰ অধ্যক্ষৰ লগতে সকলো বিষয়া-কৰ্মচাৰীকে অতি সচেতনতাৰে কাম কৰিবলৈ আহ্বান জনাইছে সদৌ অসম ছাত্ৰ সন্থাই৷ আছুৰ পৰা প্ৰকাশিত এক প্ৰেছ বিবৃতিত এই কথা প্ৰকাশ। আজি বামুণীমৈদামৰ পৰিষদৰ কাৰ্যালয়ত সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা, উপ-সভাপতি প্ৰকাশ চন্দ্ৰ দাস, সহঃ সাধাৰণ সম্পাদক ধৰ্মেশ্বৰ দাস, শিক্ষা সম্পাদক ভৱজিৎ বেজবৰুৱা আৰু ৰাজ্যিক কাৰ্যনিৰ্বাহক ৰাইফউদ্দিন আহমেদসহ এটি প্ৰতিনিধি দলে পৰিষদৰ অধ্যক্ষৰ সৈতে আলোচনাত মিলিত হয়৷ আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ যাৱতীয় প্ৰস্তুতিৰ ক্ষেত্ৰত যাতে ছেবাই অকণো গাফিলতি নকৰে তাৰ ওপৰত চোকা নজৰ ৰাখিবলৈ আছুই দাবী জনায়৷
ইফালে, কৰেনাৰ বাবে যোৱা আঠ মাহ শ্ৰেণীকোঠাৰ সৈতে চিনাকি নথকা ছাত্ৰ-ছাত্ৰীসকলক পাঠ্যক্ৰমৰ ৭০ শতাংশ অন্তৰ্ভুক্তিৰ ক্ষেত্ৰত যাতে অলপো ইফাল-সিফাল নহয় তাৰ ওপৰত নজৰ দিবলৈ পৰিষদক আছুই দাবী জনায় ৷
আজি আছুৰ দলটোৱে অসম মাধ্যমিক শিক্ষা সংসদৰ সচিবৰ সৈতেও আলোচনাত মিলিত হয়৷ আলোচনাকালত পৰীক্ষা পদ্ধতি, প্ৰশ্নকাকত আৰু পৰীক্ষা পৰিচালনাত যাতে বেমেজালি নহয় সেই বিষয়টোত গুৰুত্ব দি ছাত্ৰ-ছাত্ৰীৰ কেৰিয়াৰ গঢ়াৰ গুৰুত্বপূৰ্ণ বছৰতো সংসদক অকণো ত্ৰুটি নকৰিবলৈ আহ্বান জনায়৷ লগতে আছুই অসমৰ জাতীয় জীৱনৰ অংগ বিহুক উচ্চতৰ মাধ্যমিকত ঐচ্ছিক বিষয় হিচাপে অন্তৰ্ভুক্ত কৰাত আদৰণি জনায়৷ তদুপৰি জাতীয় জীৱনৰ অংগ বিহুৰ সকলো বিষয়ক অগ্ৰাধিকাৰ দি পাঠ্যক্ৰম প্ৰস্তুত কৰিবলৈ আহ্বান জনায়৷
উল্লেখ্য যে ৩০ শতাংশ ব্যৱহাৰিক সূচী থকা বিষয়টোত পুংখানুপুংখভাৱে আলোচনাৰ জৰিয়তে পৰিকল্পিতভাৱে প্ৰস্তুত কৰিবলৈও আছুই দাবী জনায়৷ ইয়াৰ উপৰি ঐচ্ছিক বিষয়টোক ছাত্ৰ-ছাত্ৰীসকলে পাঠ্যক্ৰম হিচাপে হৃদয়ঙ্গম কৰিব পৰাকৈ শিক্ষানুষ্ঠানসমূহত যোগ্যতা সম্পন্ন শিক্ষক নিযুক্তিৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ সংসদক দাবী জনায়৷













