![]()
নিউজ ডেস্কঃ
ইজৰাইল আৰু ভাৰতবৰ্ষৰ মাজত সম্বন্ধ সুদৃঢ় কৰাৰ উদ্দেশ্যেৰে ইজৰাইলে উত্তৰ-পূৱৰ কাৰণে প্ৰতিনিধি নিযুক্তি দিছে। ইজৰাইলে কালি শুকুৰবাৰে “জয়শ্ৰী দাস বাৰ্মা”ক উত্তৰ-পূৱৰ উপ-ৰাষ্ট্ৰদূতৰ পদবীত নিয়োগ কৰিছে। এই সন্মানসূচক পদবীৰ ক্ষেত্ৰ পৰিসৰ হ’ব উত্তৰ-পূৱৰ ৮খন ৰাজ্য আৰু কাৰ্যালয় থাকিব অসমত।
নিযুক্তিৰ ঘোষণাৰ পাছত ভাৰতবৰ্ষত থকা ইজৰাইলৰ ৰাষ্ট্ৰদূত “ৰণ মালাকা”ই কৈছে যে – ভাৰত আৰু ইজৰাইলৰ মাজত থকা গাঢ় সম্পৰ্ক উত্তৰ-পূৱলৈকে সম্প্ৰসাৰণ কৰাৰ লক্ষ্য হাতত লৈ এই পদক্ষেপ গ্ৰহণ কৰা হৈছে ।
আনহাতে এই সন্মান গ্ৰহণ কৰি জয়শ্ৰী দাস বাৰ্মাই কৈছে যে– ইজৰাইলৰ প্ৰযুক্তি আৰু আন আন skill সমূহ উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ক্ষেত্ৰত প্ৰয়োগ কৰাৰ ক্ষেত্ৰত তেওঁ সৰ্ব প্ৰথমে গুৰুত্ব আৰোপ কৰিব । এইখিনিতে উনুকিয়াব পাৰি যে ২০২০ চনৰ নৱেম্বৰ মাহত ইজৰাইলৰ ৰাষ্ট্ৰদূতগৰাকীয়ে অসম, মেঘালয় আৰু ত্ৰিপুৰা ভ্ৰমণ কৰি তিনিওখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰে আলোচনাতো বহিছিল।













