![]()
লংকাৰ পৰা মনোজ কুমাৰ পাঠক
সদৌ লংকা মণিপুৰী ইন্টাৰক্লাৱৰ ব্যৱস্হাপনাত লংকাৰ বালুহণ্ডৰত এক সভা অনুষ্ঠিত কৰি উন্মোচন কৰা হয় গম্ভীৰ সিংহ ৰজাৰ প্ৰতিমূৰ্তি । উল্লেখ্য যে, ৯ জানুৱাৰীত গম্ভীৰ সিংহ ৰজাৰ মৃত্যু দিৱস, তাৰ লগত সংগতি ৰাখি উন্মোচন কৰা হয় উক্ত প্ৰতিমূৰ্তি ভাগ। উন্মোচন কৰে হোজাই জিলা পৰিষদৰ বিজেপিৰ সভানেত্ৰী ৰমাৱালা দেৱীয়ে।
উল্লেখ্য যে, মহাৰাজ গম্ভীৰ সিংহ ৰজাই মণিপুৰ ৰাজ্য আৰু মণিপুৰী সমাজৰ বাবে বহন কৰে বহু তাৎপৰ্য । বুৰঞ্জী অনুসৰি, ১৮১৯ চনৰ পৰা ১৮২৬ চনলৈ প্ৰায় ৭ বছৰ কাল মণিপুৰত আধিপত্য স্থাপন কৰিছিল ব্ৰহ্মদেশৰ ৰজাই আৰু মণিপুৰীসকলক মণিপুৰৰ পৰা পঠাইছিল খেদি । পিছত ৭ বছৰৰ অন্তত: অসমৰ কাছাৰ জিলাৰ পৰা সৈন্য-সামন্ত লৈ ৰজা গম্ভীৰ সিংহৰ নেতৃত্বত পুনৰ ব্ৰহ্ম ৰজাক আক্ৰমণ কৰি, মণিপুৰৰ পৰা খোদি মণিপুৰত, স্থাপন কৰিছিল মণিপুৰীসকলক লৈ শান্তিপূৰ্ণ সম্ৰাজ্য।












