![]()
সোণাৰি চাপৰি বৰ্ষামুখত সংঘটিত এক পথ দূৰ্ঘটনাত মৃত্যু এজন যুৱকৰ। ঘন কুঁৱলিৰ ফলত নিয়ন্ত্ৰণ হেৰুৱাই মটৰ চাইকেলেৰে এডাল গছত খুন্দা মাৰে আৰু তাৰ ফলতেই অকাল মৃত্যুক সাৱটি লয় বৰপতীয়া গাঁৱৰ নৱ খনিকৰে। সোণাৰি চাপৰি আৰু ঢকু্ৱাখানা আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। মৃত্যুৰ সময়ত খনিকৰে নিজ পত্নী আৰু দুটিকৈ সন্তানক এৰি যায়।













