![]()
নিউজ ডেস্কঃ
চতুৰ্দশ সংখ্যক অসম বিধানসভাৰ নিৰ্বাচন তিনিটা পৰ্যায়ত অনুষ্ঠিত হ’ব ৷ তাৰ বাবে সাজু হৈছে নিৰ্বাচন আয়োগ ৷ বহাগ বিহুৰ আগতে দুটা পৰ্যায়ৰ আৰু বিহুৰ পিছত তৃতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত কৰিবৰ বাবে সাজু হৈ নিৰ্বাচন আয়োগৰ এটা উচ্চ পৰ্যায়ৰ দলে সোমবাৰৰ পৰা অসম ভ্ৰমণ আৰম্ভ কৰিছে বুলি চৰকাৰী সূত্ৰত প্ৰকাশ পাইছে ৷
আজি সোমবাৰৰ পৰা দুদিনীয়া ভ্ৰমণ কাৰ্যসূচী হাতত লৈছে দেশৰ নিৰ্বাচন আয়োগৰ দলটিয়ে ৷ দলটিয়ে সোমবাৰে ডিব্ৰুগড়ত উজনি অসমৰসমূহ জিলাৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ সৈতে এক পৰ্যালোচনামূলক বৈঠক৷ ডিব্ৰুগড়ত পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰাৰ পিছত মঙলবাৰে গুৱাহাটীত দ্বিতীয়খন বৈঠকত অংশগ্ৰহণ কৰিব নিৰ্বাচন আয়োগৰ দলটিয়ে ৷ এই বৈঠকত মুখ্য সচিব জিষ্ণু বৰুৱা, DGP ভাস্কৰজ্যোতি মহন্ত, বিশেষ শাখাৰ ADGP হীৰেন নাথৰ লগতে জিলা উপায়ুক্ত তথা আৰক্ষী অধীক্ষকসকলো উপস্থিত থাকিব বুলি জানিব পৰা গৈছে ৷
এক বিশ্বস্ত সূত্ৰৰ মতে, প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ’ব উজনি অসমত ৷ বহাগ বিহুৰ পূৰ্বে প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ পিছতে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ’ব নামনি অসমত৷ ইয়াৰ পিছত চতুৰ্দশ সংখ্যক অসম বিধানসভাৰ অন্তিম তথা তৃতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত কৰা হ’ব বৰাক উপত্যকাত ৷













