![]()
‘অসম গণ পৰিষদে বিজেপি লগত আত্মসমৰ্পন কৰিলে। অগপ নেতৃত্ব আজি তাৰিখত নিজ স্বাৰ্থ বাহিৰে অন্য একো চিনি নাপায়। ইতিমধ্যে বিজেপিৰ লগত চামিল হৈ গল’- সোমবাৰে অসম জাতীয় পৰিষদত যোগদান কৰি অগপৰ নেতৃত্বৰ বিৰুদ্ধে এইদৰে সৰৱ হ’ল মহিলা পৰিষদ সাধাৰণ সম্পাদিকা ৰীণা শইকীয়া। গুৱাহাটীৰ লেম্ব ৰোডৰ এজেপি মুখ্য কাৰ্যালয়ত সভাপতি লুৰীণজ্যোতি গগৈ প্ৰমুখ্যে দলৰ শীৰ্ষ নেতৃত্বৰ উপস্থিতিত অগপৰ জ্যেষ্ঠ নেত্ৰীগৰাকীয়ে আনুষ্ঠানিক যোগদান কৰে।
‘অগপই আজি কালি কৃষ্টি-সংস্কৃতি কথা কয়। পূৰ্বতে একো নাছিল। সভাবোৰত এতিয়া ঢোল কোবাই, নাচি-বাগি জনতাক আভুৱা ভাৰে” বুলি উল্লেখ কৰি মহিলা পৰিষদৰ নেত্ৰীগৰাকীয়ে কয়- অগপ জন্মৰ ইতিহাস আছিল। ৮৫৫জন শ্বহীদৰ তেজৰ বিনিময়ত গঠন হোৱা দল। আই মাতৃসকলৰ বুকু শুদা কৰি তেওঁলোক আজি বিদেশী খেদা সপোন কত গ’ল ! সংসদত কা’ সমৰ্থনত ভোট দিলে বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই। অগপত কেইজনমান বুদ্ধিজীৱি আছে তেওঁলোকে শিকাই কা’ নামানো বুলি প্ৰথমতে কৈ দিব। কিন্তু কেৱল মুখত নামানো বুলি ক’লে হ’ব নেকি ? অসমবাসী মূৰ্খ নহয়”।

মহিলানেত্ৰীগৰাকী লগতে উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা তথা অসম চৰকাৰৰ প্ৰাক্তন মহাধীবক্তা কমল নাৰায়ণ চৌধুৰী, ধীৰেন্দ্ৰ নাথ শইকীয়া, বিদ্যা পাতৰ, প্ৰদীপ কুমাৰ সিনহা, আলি হাইদৰ লস্কৰ, অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সম্পাদিকা বনানি প্ৰিয়া ৰাজকোঁৱৰ, বিপাঞ্চি দাস, পৰশ মণি বৰা প্ৰমুখ্যে মুঠ ১২গৰাকী ব্যক্তিয়ে যোগদান কৰে।
যোগদান কাৰ্যসূচীতে হকাৰ কাম কৰি ডক্টৰে ডিগ্ৰী লাভ কৰা নুৰ মহম্মদক সম্বৰ্ধনা জনাই এজেপি নেতৃত্বই। সম্বৰ্ধনা গ্ৰহণ কৰি নুৰে কয়- মই কোন ? ডাঙৰ কথা নহয় যদি মোৰ পৰা কোনোবা উপকৃত হয় তেন্তে তেতিয়াই মই সাৰ্থক হ’ম”। যোগদান কাৰ্যসূচীত এজেপি সম্পাদক জগদীশ ভূঞা উপস্থিত থাকে।













