![]()
নিউজ ডেস্কঃ
অহা ১৭ জানুৱাৰী দেওবাৰে পুৱা ১০ বজাৰপৰা দিনজোৰা কাৰ্যসূচীৰে গুৱাহাটীৰ লক্ষীধৰ বৰা ক্ষেত্ৰত ভাৰতীয় গণনাট্য সংঘৰ অসম ৰাজ্যিক সমিতিয়ে ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাৰ সোঁৱৰণত “জ্যোতি-স্মৰণ” অনুষ্ঠান আৰু হেমাংগ বিশ্বাসৰ সোঁৱৰণত “গণশিল্পী হেমাঙ্গ বিশ্বাস বঁটা” প্ৰদান অনুষ্ঠানৰ আয়োজন কৰিছে ।

১৭ জানুৱাৰীৰ ৰাতিপুৱা ১০বজাত পতাকা উত্তোলনেৰে শুভাৰম্ভ হ’বলগীয়া এই অনুষ্ঠানৰ ১০.৩০ বজাত জ্যোতি-স্মৰণ কাৰ্যসূচীত গুৱাহাটী আৰ্টিষ্ট গীল্ড, চৰকাৰী চাৰু আৰু কলাৰ চিত্ৰশিল্পী, কাৰ্টুনিষ্ট, ফটোগ্ৰাফাৰসকলে নিজস্ব শিল্প সম্ভাৰ লৈ অংশগ্ৰহণ কৰিব।
দিনৰ ১১ বজাত উদ্বোধন পিছতে হেমাঙ্গ বিশ্বাস বঁটা প্ৰদান কৰা হ’ব । বঁটা প্ৰদান কৰিব বিশিষ্ট বুদ্ধিজীৱী ড: হীৰেন গোহাঁই আৰু যশস্বী কণ্ঠশিল্পী সুদক্ষিণা শৰ্মাই।













