![]()
নিউজ ডেস্কঃ
জনতা ভৱনত এক সংবাদমেল আয়োজন কৰি স্বাস্থ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা ক’ভিড ভেকচিন কিদৰে প্ৰদান কৰা হ’ব সেই বিষয়ে জানিবলৈ দিয়ে ৷ অসমত মুঠ ৬৫ টা কেন্দ্রত ক’ভিডৰ টিকাকৰণ হ’ব ৷
শুকুৰবাৰে সংবাদমেল সম্বোধন কৰি স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভেকচিনক কেন্দ্ৰ কৰি জনালে বহু কথা। অহা কাইলৈৰ পৰা দেশজুৰি ক’ভিড ১৯ৰ ভেকচিন প্ৰক্ৰিয়া আৰম্ভ হ’ব বুলি জনোৱাৰ লগতে মন্ত্ৰী গৰাকীয়ে জনায় যে, “বৰ্তমান অসমত ক’ভিড -১৯ ত সক্ৰিয় ৰোগীৰ সংখ্যা ১৬৫৬ জন আৰু ৯৮.১ শতাংশ ৰোগী হৈছে আৰোগ্য।
আনহাতে, প্ৰতিদিনে ৪০ জনৰ তলত ধৰা পৰিছে ক’ৰোণাত আক্ৰান্ত ৰোগীৰ সংখ্যা।” মন্ত্ৰীগৰাকীয়ে জনোৱা মতে যোৱা ৩১ ডিচেম্বৰৰ পৰা এই সংখ্যা হ্ৰাস হৈছে।
ক’ভিড ১৯ ৰ বিষয়টোক নতুন ৰূপত আত্মপ্ৰকাশ হোৱাৰ ফলতেই এই বিষয়টোত অধিক গুৰুত্ব প্ৰকাশ কৰাৰ কথা প্ৰকাশ কৰে হিমন্ত বিশ্ব শৰ্মাই। পশ্চিমীয়া দেশত ক’ৰোণাত আক্ৰান্ত ৰোগীৰ সংখ্যা বাঢ়ি যোৱাৰ লগতে বিদেশ যাত্ৰা খুলিলেই অসমতো বেছি সংক্ৰমণ হ’ব পাৰে বুলি কয় মন্ত্ৰী গৰাকীয়ে।
ক’ভিড ভেকচিন প্ৰদানৰ ক্ষেত্ৰত হিমন্ত বিশ্বই কয় যে, “কোভিশ্ৱিলড আৰু ক-ভেকচিন দিয়া হ’ব; কোভিশ্ৱিলড আমাৰ দেশতে প্ৰস্তুত কৰা হৈছে ৷ আনহাতে ক-ভেকচিনো সুৰক্ষিত আৰু ৰোগ নিৰাময়ী বুলি স্বীকৃতি দিয়া হৈছে। বিশ্বৰ আটাইতকৈ বেছি কোভিড১৯ৰ ভেকচিনেশ্যন কাইলৈৰ পৰা আৰম্ভ হ’ব ভাৰতত ৷
কাইলৈ তিনি কোটি মানুহক ভেকচিন দিয়া হ’ব ৷ মুঠ ৩০ কোটি লোকক প্ৰথম পৰ্যায়ত দিয়া হ’ব ভেকচিন। অসমত কোৰোণা যুদ্ধাক প্ৰথম পৰ্যায়ত ভেকচিন দিয়া হ’ব। চিকিৎসক, নাৰ্ছ, এম্বুলেন্সৰ চালক আদিক কোৰোণা যুদ্ধা হিচাপে ধৰা হৈছে।
দ্বিতীয় পৰ্যায়ত ফ্ৰণ্টলাইনত কাম কৰা সকলক ভেকচিন দিয়া হ’ব ৷ আৰক্ষী, CRPF আদি ইয়াৰ আওঁতাত পৰে। তৃতীয় পৰ্যায়ত বাকীসকলক দিয়া হ’ব।
অসমত ইতিমধ্যে আহি পাইছে মুঠ ২,২১,৫০০ ক’ভিড ভেকচিন ৷ ৯০ লাখৰ পৰা এক কোটি লোকক অসমত ভেকচিন দিয়া হ’ব ৷ ১.৯ লাখক প্ৰথম পৰ্যায়ত দিয়া হ’ব ৷ ২.৯ লাখক দ্বিতীয় পৰ্যায়ত দিব। ভেকচিন প্ৰদানৰ বাবে ৮,৬৫১ গৰাকী নাৰ্ছ আৰু ১,৩০০ চিকিৎসক সাজু।
GMCH, তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ কেন্দ্ৰ, পোনপটীয়াকৈ প্ৰধানমন্ত্ৰীয়ে কাইলৈ ভেকচিন প্ৰদানৰ শুভাৰম্ভণি অনুষ্ঠানৰ সৈতে সংযুক্ত হৈ থাকিব।
ভেকচিন গ্ৰহণৰ প্ৰক্ৰিয়া :
কোভিড -১৯ৰ ভেকচিন ল’বই লাগিব বুলি ধৰা বন্ধা নিয়ম নাই যদিও কোৰোণা যোদ্ধা সকলে ভেকচিন লোৱাটো জৰুৰী।
মন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়ে যে, ভেকচিন ল’বলৈ মুঠ ১০জন লোক গোট খালেহে ভেকচিনৰ ষ্ট্রীপ খোলা হ’ব ।প্ৰথম ভেকচিনৰ লোৱাৰ ২৮ দিন পিছত দ্বিতীয় দোজ ল’ব লাগিব ৷ আকৌ তাৰ ১৪ দিনৰ পিছত তৃতীয় ডোজ ভেকচিন ল’ব লাগিব ৷ আৰু ইয়াৰ ৪৫ দিনৰ পিছতহে ক’ভিড প্রতিৰোধ ক্ষমতা সক্রিয় হ’ব । প্ৰথম দোজ লোৱাৰ পিছতো কোভিড-১৯ শেষ নহয় ৷
তিনি ডোজ ল’লেহে কোভিড-১৯ৰ পৰা নিৰাময় পাব। লগতে দেহত ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হ’ব।
আনহাতে ক’ভিড ভেকচিন ল’বলৈ প্রথমে ১২গৰাকী চিকিৎসকক আমন্ত্রণ কৰা হৈছে বুলি জানিবলৈ দি হিমন্ত বিশ্ব শৰ্মাই কয় যে তেওঁলোক ডাঃ উমেশ শৰ্মা, ডাঃ ধ্রুৱজ্যোতি শৰ্মা, পদ্মশ্রী ডাঃ ইলিয়াছ আলী, ডাঃ বিভাষ চন্দ্র গোস্বামী, ডাঃ সুভাষ খান্না, ডাঃ হৰ্ষ ভট্টাচাৰ্য, ডাঃ ৰথীন্দ্র বৰ্মন, ডাঃ অচ্যুৎ বৈশ্য ডাঃ অভিজিৎ শৰ্মা, ডাঃ ব্রজেন লহকৰ আৰু ডাঃ মনোজ অধিকাৰী ।













