ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

বোকাখাতৰ ডাঃ মিলন কুমাৰ লস্কৰ অসমৰ প্ৰথমজন ক’ভিড ভেকচিন লোৱা ব্যক্তি

News Desk by News Desk
January 16, 2021
Reading Time: 1 min read
A A
0
বোকাখাতৰ ডাঃ মিলন কুমাৰ লস্কৰ অসমৰ প্ৰথমজন ক’ভিড ভেকচিন লোৱা ব্যক্তি

New Logo Very Smal | ASSAM TIMES POST

RELATED POSTS

Assam flood I ভয়াৱহ বানত ৰাজ্যত এদিনতে মৃত্যু ২১ জনৰ, প্ৰায় ৫ লাখ লোক বানত আক্ৰান্ত

Assam flood I ৰাজ্যৰ শেহতীয়া বানে কাঢ়িলে ৫ জনৰ প্ৰাণ, ১৬ জিলাৰ ৩ লক্ষাধিক আক্ৰান্ত

Assam MLA Akhil Gogoi Demands Release of Activist Wangchuk

অজন্তা তালুকদাৰ

বোকাখাত : অসমৰ ভিতৰতে প্ৰথম ক’ভিড-১৯ ভেকচিন লোৱা ব্যক্তি ৰূপে পৰিগণিত হ’ল বোকাখাতৰ ডাঃ মিলন কুমাৰ লস্কৰ ৷ যোৱাটো বৰ্ষত সমগ্ৰ বিশ্বৰ লগতে আমাৰ দেশ তথা ৰাজ্যখনত ক’ভিড-১৯ৰ বিৰুদ্ধে সমুখৰ পৰা সমৰত লিপ্তহোৱা চিকিৎসা সেৱাৰ যোদ্ধা হিচাপে নিজৰ দায়িত্ব আৰু কৰ্তব্য পালন কৰি বিশ্ব মানসত এক চানেকি দাঙিধৰি চিকিৎসকসকল হৈ পৰিছিল হিৰ’। তেনে এগৰাকী চিকিৎসক বোকাখাতৰ ছহিদ কমলা মিৰি অসামৰিক চিকিৎসালয়ৰ ডাঃ মিলন কুমাৰ লস্কৰে আজি পুৱা ১০-৪৫ বজাত মহকুমাধিপতি বিপুল দাসে শুভাৰম্ভ কৰাৰ পাছতেই ক’ভিডৰ ভেকচিন গ্ৰহণ কৰে ৷

ছহীদ কমলা মিৰি অসামৰিক চিকিৎসালয়ৰ এ,এন,এম, ৰীতা ভূঞাই বোকাখাতৰ মহকুমাধিপতি বিপুল দাস, বোকাখাত মহকুমাৰ ছহীদ কমলা মিৰি অসামৰিক হস্পিতালৰ অধীক্ষক ডাঃ অপূৰ্ব কুমাৰ শৰ্মা,মহকুমা স্বাস্থ্য বিষয়া ডাঃ ভাৰত ফুকনৰ উপস্থিতিত ডাঃ লস্কৰক ভেকচিনৰ প্ৰথমটো ড’জ দিয়ে ৷

ইয়াৰ পাছতে ডাঃ লস্কৰক মহকুমা প্ৰশাসনৰ পৰা এখন গামোছাৰে আদৰণী জনাই ৷ ডাঃ মিলন কুমাৰ লস্কৰে ভেকচিন লোৱাৰ পাছত পৰ্যায়ক্ৰমে সকলোকে কোনো সংকোচ নকৰাকৈ ভেকচিন লোৱাৰ আহ্বান জনায় আৰু ভেকচিনে কাৰো কোনো অপকাৰ নকৰিব বুলি আশা প্ৰকাশ কৰে৷ ডাঃ মিলন কুমাৰ লস্কৰক স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাইয়ো শুভেচ্ছা জনাইছে ৷ বোকাখাতৰ ছহীদ কমলা মিৰি হস্পিতালৰ উপৰিও গোলাঘাট জিলাৰ নুমলীগড় তেলশোধনাগাৰৰ বিবেকানন্দ কেন্দ্ৰ হস্পিতাল, গোলাঘাটৰ ছহীদ কুশল কোঁৱৰ হস্পিতালতো ক’ভিড ভেকচিন দিছে ৷ প্ৰতিখন চিকিৎসা প্ৰতিষ্ঠানতে ১০০জনকৈ মুঠ ৩০০ জনক ভেকচিন দিয়াৰ পৰিকল্পনা কৰিছে ৷

বোকাখাত মহকুমাত ক’ভিড-১৯ত আক্ৰান্ত হৈ ৩০ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৩০৬৯ জন লোক আক্ৰান্ত হৈছিল ৷ প্ৰথম পৰ্যায়ত আজি ১১টা বাকছত ভেকচিন আনিছে ৷ প্ৰথম পৰ্যায়ত আশা কৰ্মী আৰু স্বাস্থ্য বিভাগৰ লগত জড়িত লোকক প্ৰদান কৰিব ক’ভিড ভেকচিন ৷ বোকাখাতত কভিস্কিল ভেকচিন প্ৰদান কৰিছে৷

Tags: Featured
Share4Tweet3Send

Related Posts

Assam flood : ৰাজ্যত ভয়াৱহ ৰূপ লৈছে বান পৰিস্থিতি; চৰকাৰৰ সতৰ্কবাণী
Assam

Assam flood I ভয়াৱহ বানত ৰাজ্যত এদিনতে মৃত্যু ২১ জনৰ, প্ৰায় ৫ লাখ লোক বানত আক্ৰান্ত

by Staff Reporter
July 22, 2026
50
Devastating Assam Floods Worsen: Over 61,000 Lives Shattered in Just 24 Hours
Assam

Assam flood I ৰাজ্যৰ শেহতীয়া বানে কাঢ়িলে ৫ জনৰ প্ৰাণ, ১৬ জিলাৰ ৩ লক্ষাধিক আক্ৰান্ত

by Staff Reporter
July 21, 2026
50
Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ
Assam

Assam MLA Akhil Gogoi Demands Release of Activist Wangchuk

by Staff Reporter
July 19, 2026
50
Staggering Cachar Seizure : Foreign Cigarettes Worth ₹59.2 Lakh
Assam

Staggering Cachar Seizure : Foreign Cigarettes Worth ₹59.2 Lakh

by News Desk
July 18, 2026
50
Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন
Assam

Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন

by News Desk
July 17, 2026
50
Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু
Assam

Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু

by News Desk
July 15, 2026
50
ADVERTISEMENT
JK terrorist attack : অমৰনাথ যাত্ৰাৰ নিৰাপত্তাত জড়িত আৰক্ষীৰ ওপৰত সন্ত্ৰাসবাদীৰ গুলীচালনা, এজন নিহত
National-International

JK terrorist attack : অমৰনাথ যাত্ৰাৰ নিৰাপত্তাত জড়িত আৰক্ষীৰ ওপৰত সন্ত্ৰাসবাদীৰ গুলীচালনা, এজন নিহত

July 22, 2026
50
CJP protest : যন্তৰ-মন্তৰৰ প্ৰতিবাদ পালেগৈ বিদেশ, ৰাহুল গান্ধীৰ ৫ দফীয়া দাবী
National-International

CJP protest : যন্তৰ-মন্তৰৰ প্ৰতিবাদ পালেগৈ বিদেশ, ৰাহুল গান্ধীৰ ৫ দফীয়া দাবী

July 22, 2026
50
SC on Delhi protest : আমাৰ সময় নষ্ট নকৰিব, যন্তৰ-মন্তৰত আৰক্ষীৰ বৰ্বৰতাৰ ভিডিঅ’ চাবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ
National-International

SC on Delhi protest : আমাৰ সময় নষ্ট নকৰিব, যন্তৰ-মন্তৰত আৰক্ষীৰ বৰ্বৰতাৰ ভিডিঅ’ চাবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

July 22, 2026
50
Maths Olympiad I গণিত অলিম্পিয়াডত বিশ্বৰ ১১৭ খন দেশৰ ভিতৰত সপ্তম স্থানত ভাৰত
National-International

Maths Olympiad I গণিত অলিম্পিয়াডত বিশ্বৰ ১১৭ খন দেশৰ ভিতৰত সপ্তম স্থানত ভাৰত

July 22, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

JK terrorist attack : অমৰনাথ যাত্ৰাৰ নিৰাপত্তাত জড়িত আৰক্ষীৰ ওপৰত সন্ত্ৰাসবাদীৰ গুলীচালনা, এজন নিহত

JK terrorist attack : অমৰনাথ যাত্ৰাৰ নিৰাপত্তাত জড়িত আৰক্ষীৰ ওপৰত সন্ত্ৰাসবাদীৰ গুলীচালনা, এজন নিহত

July 22, 2026
CJP protest : যন্তৰ-মন্তৰৰ প্ৰতিবাদ পালেগৈ বিদেশ, ৰাহুল গান্ধীৰ ৫ দফীয়া দাবী

CJP protest : যন্তৰ-মন্তৰৰ প্ৰতিবাদ পালেগৈ বিদেশ, ৰাহুল গান্ধীৰ ৫ দফীয়া দাবী

July 22, 2026
SC on Delhi protest : আমাৰ সময় নষ্ট নকৰিব, যন্তৰ-মন্তৰত আৰক্ষীৰ বৰ্বৰতাৰ ভিডিঅ’ চাবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

SC on Delhi protest : আমাৰ সময় নষ্ট নকৰিব, যন্তৰ-মন্তৰত আৰক্ষীৰ বৰ্বৰতাৰ ভিডিঅ’ চাবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

July 22, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx