দেশজুৰি আৰম্ভ হোৱা ক’ভিড-১৯ৰ টীকাকৰণ অভিযানৰ অংশ হিচাপে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজ হাস্পতালত আজি টীকাকৰণ অভিযান শুভাৰম্ভ কৰে।
এই টীকাকৰণ অভিযানক বৃহৎ সফলতাত পৰিণত কৰাৰ বাবে মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ সকলো শ্ৰেণীৰ লোকৰে সহযোগিতা কামনা কৰে।