নিউজ ডেস্কঃ
দেশৰ প্রথম এয়াৰ টেক্সি সেৱা আৰম্ভ হ’ল চণ্ডীগড়ত৷ প্রথম পর্যায়ত পঞ্জাবৰ ৰাজধানীৰ পৰা হাৰিয়ানাৰ হিসৰেলৈ উৰিব বিমানখন৷ লাহে লাহে আৰু ৰুট সংযুক্ত হ’ব৷ হাৰিয়ানাৰ মুখ্যমন্ত্রী মনোহৰলাল খট্টৰে উদ্বোধন কৰে এই এয়াৰ টেক্সি সেৱা৷ কেন্দ্রীয় চৰকাৰৰ উড়ান প্রকল্পৰ অধীনত এই বিমান চলাচল কৰিব৷
খট্টৰে সাংবাদিকৰ আগত কয়, “এই প্রথম আমাৰ দেশত এয়াৰ টেক্সি আৰম্ভ হ’ল৷ অনান্য দেশত যি ইতিমধ্যেই জনপ্রিয়৷ বৰ্তমান প্রথম পর্যায়ত চণ্ডীগড়ৰ পৰা হাৰিয়ানালৈ যাব বিমানখন৷ দ্বিতীয় পর্যায় আৰম্ভ হ’ব ১৮ জানুৱাৰীৰ পৰা৷ হিসৰৰ পৰা ডেৰাডুনলৈ যাব এই সেৱা আৰু তৃতীয় পর্যায় ২৩ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব৷ চণ্ডীগড়ৰ পৰা ডেৰাডুন আৰু হিসৰৰ পৰা ধৰমশালাৰ ৰুট দুটি সংযুক্ত হ’ব৷ এই সৰু বিমানত চাৰিজন যাত্ৰী একেলগে যাব পাৰিব৷ ঘণ্টাত ২৫০ কি:মি: বেগত এই বিমান উৰিব ৷ এয়াৰ টেক্সি আৰম্ভ হোৱাৰ বাবে ৰাজ্যৰ লগতে মই বাকী দেশকো শুভেচ্ছা জনাব বিচাৰো৷ এয়াৰ টেক্সিৰ ভাড়াও বেছি নহ’ব৷ হিসৰৰ পৰা ভলভো বাছত চণ্ডীগড়লৈ যাবলৈ ৭০০ টকা লাগে৷ বিমানত দিব লাগিব ১৭৫৫ টকা ৷”