![]()
“অসম গণ পৰিষদ দলৰ ৪-৫ জন বিধায়কে শীঘ্ৰে যোগদান কৰিব অসম জাতীয় পৰিষদত। বিজেপি পৰা আহিব বিধায়কসহ একাংশ সদস্য”।এই বিস্ফোৰণ এজেপি কাৰ্যকৰী সভাপতি পবিন্দ্র ডেকাৰ।
আগন্তক ২০-২৫ দিনৰ ভিতৰত নৱগঠিত আঞ্চলিক দলটোত যোগদান কৰিব বিধায়কসকলে। উল্লেখ নিৰ্বাচনৰ পূৰ্বে কোন কোন বিধায়কে ত্যাগ কৰিব অগপ সেই কথা ডেকাই বৰ্তমান ঘোষণা কৰা নাই।
তাপৰ্যপূৰ্ণ কথা নিৰ্বাচনৰ পূৰ্বে যদি ৪-৫ জন বিধায়কে পুনৰ অগপ ত্যাগ কৰে তেন্তে দলটোত বৃহৎ ক্ষতি হোৱা সম্ভাৱনা আছে। এজেপিলৈ আহিব লগা বিধায়ককেইজনৰ সৈতে বৰ্তমান যোগাযোগ চলি আছে বুলি ডেকাই কয়।
ইফালে বিজেপি ১৫-১৬ জনীয়া সদস্য আৰু বিধায়কৰ এটা দলে এজেপিত যোগদান কৰিব বুলি উল্লেখ কৰি ডেকাই কয়- বিজেপি পৰা আহিব খোজাসকলক আমি আদৰি ল’ম নে নাই তাক লৈ চিন্তা চৰ্চা চলি আছে আমাৰ মাজত।
গুৰুত্বপূৰ্ণ কথা কাৰ্যকৰী সভাপতি ডেকাই এইয়া ৯৯% সঁচা খবৰ বুলি ঘোষণা কৰিছে।
ইতিমধ্যে ৰাইজৰ দলৰ সৈতে নির্বাচনী মিত্ৰতা প্ৰায় চূড়ান্ত কৰিছে এজেপি দলে।













