ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

স্বাস্থ্য : মহিলাৰ ৰক্তহীনতাৰ বিষয়ে কিছু জানিবলগীয়া কথা

ASSAM TIMES POST by ASSAM TIMES POST
January 19, 2021
Reading Time: 3 mins read
A A
0
স্বাস্থ্য : মহিলাৰ ৰক্তহীনতাৰ বিষয়ে কিছু জানিবলগীয়া কথা

logo new 2 1 | ASSAM TIMES POST

RELATED POSTS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

স্বাস্থ্য প্ৰতিবেদন:

ৰক্তহীনতাক চিকিৎসা বিজ্ঞানৰ ভাষাত ‘এনিমিয়া’ বুলি কয়৷ অৱশ্যে আজিকালি মানুহৰ মুখে মুখে এনিমিয়া শব্দটোৰ প্ৰচলন হ’ব ধৰিছে৷ পুৰুষৰ তুলনাত দুগুণ সংখ্যক মহিলাই এনিমিয়াত ভোগে৷ থূলমূলকৈ ইয়াৰ দুটা প্ৰমুখ কাৰণ হ’ল- ঋতুস্ৰাৱ আৰু গৰ্ভধাৰণ৷

আমাৰ তেজত থকা ৰক্ত কণিকাই হিমগ্লবিন নামৰ এবিধ প্ৰটিন কঢ়িয়াই লৈ ফুৰে৷ এই ৰক্ত কণিকাই আমাৰ শৰীৰৰ প্ৰতিটো কোষক অক্সিজেনৰ যোগান ধৰে৷ তেজত হিমগ্লবিনৰ পৰিমান কম হোৱাকে এনিমিয়া বোলে৷

হিমগ্লবিনৰ থাকিবলগীয়া সঠিক পৰিমাণ হ’ল :

প্ৰাপ্তবয়স্ক পুৰুষৰ ক্ষেত্ৰত ১৩.৫ৰ পৰা ১৭.৫ গ্ৰাম% আৰু প্ৰাপ্তবয়স্ক মহিলাৰ ক্ষেত্ৰত ১২.০ৰ পৰা ১৫.৫ গ্ৰাম% ৷

এনিমিয়া উৎপন্ন হোৱাৰ নানান কাৰণ থাকিব পাৰে৷ ৰক্তহীনতাত ভোগা ৰোগীৰ চিকিৎসা কৰিবলৈ সেই কাৰণ চিনাক্ত কৰাটো আৱশ্যকীয়৷ তলত পুৰুষ-মহিলা উভয়ৰে ক্ষেত্ৰত প্ৰযোজ্য হোৱা এখন তালিকা ডাঙি ধৰিলোঁ আৰু চমুকৈ প্ৰতিটোৰে আলোচনা কৰিম৷

Iron Deficiency Anemia | ASSAM TIMES POST· লৌহ পদাৰ্থ বা আইৰণৰ অভাৱত হোৱা এনিমিয়া
· এপ্লাষ্টিক এনিমিয়া
· পাৰনিচিয়াচ এনিমিয়া
· ভিটামিনৰ অভাৱত হোৱা এনিমিয়া
· চিকল চেল এনিমিয়া
· থেলাচেমিয়া
· বিভিন্ন ৰোগৰ সংক্ৰমণৰ ফলত হোৱা এনিমিয়া
· হিমলাইটিক এনিমিয়া
· হুক ৱৰ্ম বা হাকোটা পেলুৱে কৰা এনিমিয়া
· হাঁড়ৰ মজ্জা বা ব’ন-মেৰোৰ বিজুটিৰ বাবে হোৱা এনিমিয়া

এনিমিয়া হোৱাৰ কাৰক :

আইৰণৰ অভাৱত হোৱা এনিমিয়া :

ওপৰত উল্লেখ কৰা কাৰকসমূহৰ ভিতৰত আইৰণৰ অভাৱত হোৱা এনিমিয়াই নাৰীৰ এনিমিয়া হোৱাৰ প্ৰমুখ কাৰণ৷ মাহেকীয়াৰ সময়ত হোৱা অত্যধিক ৰক্তস্ৰাৱ- এগৰাকী মহিলাৰ যদিহে ৭ দিন বা ততোধিক ৰক্তস্ৰাৱ হৈ থাকে তেনেহ’লে তেওঁৰ স্বাভাৱিকতকৈ দুগুণ ৰক্তক্ষয় হয়৷

নাৰীৰ জৰায়ুৰ এণ্ডোমেট্ৰিয়চিচ ৰোগত অত্যধিক ৰক্তস্ৰাৱ হ’ব পাৰে৷ গৰ্ভধাৰণৰ সময়ত শৰীৰক অধিক আইৰণৰ প্ৰয়োজন হয় যাতে হিমগ্লবিনৰ নিৰ্মাণ সুচাৰুৰূপে হয়৷ যদিহে খাদ্যত আইৰণযুক্ত পদাৰ্থৰ অভাৱ ঘটে, মাতৃৰ এনিমিয়াৰ ফলত গৰ্ভস্থ সন্তানৰ বিকাশ বাধাপ্ৰাপ্ত হ’ব নাইবা গৰ্ভস্থ সন্তানৰ অপৈণত অৱস্থাত প্ৰসৱ হ’ব পাৰে৷

আইৰণযুক্ত খাদ্য হ’ল মাংস, কণী, সেউজীয়া শাক (পূৰৈ, পালেং, মেথি, জিলমিল), বীন, কাজু বাদাম, আলু, পনীৰ, চয়াবীন আদি৷
আভ্যন্তৰীণ ৰক্তক্ষয় – পাক প্ৰণালীত ঘা, পলিপ, টিউমাৰ আদি থাকিলে পেটৰ ভিতৰত হোৱা ৰক্তক্ষৰণে আইৰণৰ অভাৱত হোৱা এনিমিয়া কৰিব পাৰে৷ এচপ্ৰিন, ডিচপ্ৰিন, চেৰিডন, এনাচিন বা আন সঘনাই খোৱা গা-মূৰ বিষৰ দৰবেও পাকস্থলীৰ পৰা ৰক্তক্ষৰণ ঘটাব পাৰে৷৷

আকৌ পাক প্ৰণালীৰ মাধ্যমেৰে বহু সময়ত আইৰণৰ শোষণ বাধাপ্ৰাপ্ত হোৱাটোও আইৰণৰ অভাৱত হোৱা এনিমিয়াৰ কাৰণ হ’ব পাৰে৷ ইয়াৰ উদাহৰণ হ’ল গেষ্ট্ৰিক বাইপাচ চাৰ্জাৰী, চিলিয়াক ডিজিজ৷
এপ্লাষ্টিক এনিমিয়া হ’ল এটি দুৰ্লভ কিন্তু অতিশয় বিপদজন ৰোগ৷

এই ৰোগত হাঁড়ৰ মজ্জাৰ পৰা সকলো ধৰণৰ কোষৰ নিৰ্মাণ বাধাগ্ৰস্ত হয়৷ ৰঙা ৰক্ত কণিকা, শ্বেত কণিকা আৰু প্লেটলেটৰ কমকৈ উৎপাদন হয়৷ এন্টি-থ্ৰম্বচাইট-গ্লুবুলিনৰ দ্বাৰা এপ্লাষ্টিক এনিমিয়াৰ চিকিৎসা কৰা হয়৷

পাৰনিচিয়াচ এনিমিয়া –

শৰীৰৰ ৰক্ত কণিকাৰ নিৰ্মাণ কৰিবলৈ ভিটামিন-বি১২ ৰ আৱশ্যক হয়৷ ইনট্ৰিনচিক ফেক্টৰ নামৰ প্ৰটিনে ভিটামিন-বি১২ক সংগ দি আমাৰ পাক প্ৰণালীৰ পৰা ইয়াৰ শোষণত সহায় কৰে৷ ভিটামিন-বি১২যুক্ত খাদ্যৰ উৎস হ’ল- মাংস, কণী, সমুদ্ৰীয় মাছ, ডেইৰী প্ৰডাক্ট, ৰঙালাউৰ গুটি, বাদাম ইত্যাদি৷

ভিটামিনৰ অভাৱত হোৱা এনিমিয়া-

ইতিমধ্যে ভিটামিন বি-১২ৰ অভাৱত হোৱা পাৰনিচিয়াচ এনিমিয়াৰ কথা পাঠকে অৱগত হৈছে৷ আন দুবিধ ভিটামিনৰ অভাবেও এনিমিয়া সৃষ্টি কৰিব পাৰে৷ সেই দুবিধ হ’ল ফলেট আৰু ভিটামিন-চি৷ ভিটামিন-বিৰ আন এটা নাম হ’ল ফলেট৷ ফলিক এচিড হ’ল মানৱ সৃষ্ট ফলেট৷ ফলেটত থকা খাদ্যসমূহ হ’ল- সেউজীয়া শাক, সকলো ফলমূল, বীন, বাদাম, মটৰ, কণী, ডেইৰী সামগ্ৰী, মাংস, সমুদ্ৰীয় মাছ আদি৷

ফলেটৰ অভাৱত হোৱা এনিমিয়াত ৰক্ত কণিকাৰ আকৃতি সামান্যতকৈ ডাঙৰ হয়৷ এনে অৱস্থাক মেগাল’ব্লাষ্টিক এনিমিয়া বোলে৷ স্বাভাবিক ৰক্ত কণিকাৰ আয়ুস ১১৫দিন৷ কিন্তু এনে অস্বাভাৱিক ৰক্ত কণিকাৰ আয়ুস কম৷ লেবৰেটৰীত তেজৰ ফলেটৰ পৰিমাণ পৰীক্ষা কৰি অভাৱ হোৱা অৱস্থা চিনাক্ত কৰিব পাৰি৷

ভিটামিন-চিৰ অভাৱত এনিমিয়া হ’ব পাৰে যদিহে আমি খাদ্যত উচিত পৰিমাণত ভিটামিন-চি গ্ৰহণ নকৰোঁ৷ ভিটামিন-চিৰ অভাৱত পাক প্ৰণালীত আইৰণৰ শোষণ বাধাপ্ৰাপ্ত হয়৷ গতিকে আইৰণৰ অভাৱত হোৱা এনিমিয়াও ইয়াৰ ফলত হ’ব পাৰে৷ ভিটামিন-চিৰ অভাৱত এনিমিয়াত জিভাখন ৰঙা আৰু ডাঠ হৈ পৰে৷ ভিটামিন-চি থাকে টেঙা ফল (নেমু, কমলা, মৌচম্বী, জলফাই, আমলখি আদি), ব্ৰ’কলি, পালেং, বিলাহী, আভাকাডো ইত্যাদিত৷

চিকল চেল এনিমিয়া –

এনে ৰোগত জন্মগত কাৰণত অস্বাভাৱিক হিমগ্লবিনযুক্ত ৰক্ত কণিকাই কাঁচিৰ আকৃতি লয় আৰু সময়ে সময়ে ভংগুৰতাৰ বাবে সংকট কালৰ সৃষ্টি কৰে৷ এনে ৰোগ অসমৰ চাহ বাগানৰ লোক আৰু ট্ৰাইবেল লোকৰ মাজত কিছু পৰিমাণে আছে বুলি জনা যায়৷ ব’ন মেৰো ট্ৰান্সপ্লান্টৰ দ্বাৰা চিকিৎসা কৰি এই জেনেটিক ৰোগত সুফল পোৱা যায়৷ বিজ্ঞানীসকলে জিন থেৰাপিৰ দ্বাৰা ভবিষ্যতে এই ৰোগত সুফল পোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে৷

থেলাচেমিয়া-

ইয়ো এক বংশানুক্ৰমে অহা এনিমিয়া ৰোগ৷ ইয়াৰ ফলত লোকজনৰ হিমগ্লবিন কম থাকে৷ ইয়াৰ প্ৰকাৰ আলফা আৰু বিটা থেলাচেমিয়া হ’ব পাৰে৷ থেলাচেমিয়াৰ ন্যূনতম লক্ষণ থকা লোকক একো চিকিৎসাৰ প্ৰয়োজন নহ’বও পাৰে৷ আনহাতে, গুৰুতৰভাবে আক্ৰান্তজনক সময়ে সময়ে তেজদান কৰি থাকিবলগীয়া হ’ব পাৰে৷

এনে ৰোগীৰ সাধাৰণতে প্লীহা ডাঙৰ হোৱা দেখা যায়৷ হিমগ্লবিন ইলেকট্ৰফৰচিচ নামৰ পৰীক্ষা লেবৰেটৰীত কৰিলে অস্বাভাবিক হিমগ্লবিনৰ উপস্থিতি আৰু পৰিমাণ জনা যায়৷

থেলাচেমিয়া, চিকল চেল ডিজিজ আদি চিনাক্তকৰণৰ বাবে এই পৰীক্ষাৰ প্ৰয়োজন হয়৷ আমাৰ উত্তৰ পূৰ্বাঞ্চলত HbE বিটা থেলাচেমিয়াৰ ৰোগীৰ সংখ্যা অঞ্চলভেদে ১৬ শতাংশৰ পৰা ৪৭ শতাংশলৈকে৷

বিভিন্ন ৰোগৰ সংক্ৰমণৰ ফলত হোৱা এনিমিয়া –

কৰ্কট ৰোগ, এইডচ, ৰিউমেটইড আৰ্থাইটিচ, কিডনীৰ ৰোগ, ক্ৰনজ ডিজিজ আদিৰ বাবে ৰক্ত কণিকাৰ উৎপাদন বাধাপ্ৰাপ্ত হব পাৰে৷

হিমলাইটিক এনিমিয়া –

এনে ধৰণৰ এনিমিয়াত ৰক্ত কণিকাৰ বিনষ্টীকৰণ ব’ন-মেৰোত হোৱা উৎপাদনৰ তুলনাত ক্ষিপ্ৰ হয়৷ ৰক্ত কণিকা এনেদৰে ধ্বংস হোৱাক হিমলাইচিচ বুলে৷ হিমলাইটিক এনিমিয়া জন্মগতভাবে (যেতিয়া পিতৃ-মাতৃয়ে জিন সন্তানক দিয়ে) হ’ব পাৰে৷ জন্মগতভাবে পোৱা হিমলাইটিক এনিমিয়াৰ উদাহৰণ হ’ল থেলাচেমিয়া আৰু চিকল চেল ৰোগ৷

কেতিয়াবা জীৱনৰ পৰৱৰ্তী কালতো বিভিন্ন কাৰণত হিমলাইটিক এনিমিয়া হ’ব পাৰে৷ তেনে কিছুমান কাৰণ হব পাৰে তেজ প্ৰদানৰ পাৰ্শ্বক্ৰিয়া, কিছুমান টিউমাৰ, তেজৰ কেঞ্চাৰ, কিছুমান দৰবৰ পাৰ্শ্বক্ৰিয়া (উদাহৰণ -পেনিচিলিন, মেলেৰিয়াৰ ঔষধ, চালফা ড্ৰাগচ), প্লীহাৰ অতি সক্ৰিয়তা৷

হুক ৱৰ্ম বা হাকোটা পেলুৱে কৰা এনিমিয়া –

হাকোটা পেলুৰ পোৱালিয়ে (লাৰভা) প্ৰদূষিত মাটিত খালি ভৰিৰে খোজকঢ়া লোকৰ শৰীৰত ভৰিয়েদি প্ৰবেশ কৰি তেজৰ নলীয়েদি গৈ বৃহদঅন্ত্ৰত থিতাপি লয় আৰু বংশ বৃদ্ধি কৰে৷ এই হাকোটা পেলুৱে এগুণ তেজ শোহে কিন্তু তিনিগুণ ৰক্তক্ষৰণ ঘটাই বিপদজনক এনিমিয়াৰ সৃষ্টি কৰে৷

এটা সময়ত চাহ বাগিচাৰ বনুৱা আৰু গ্ৰামীণ লোকৰ মাজত এনে ৰোগৰ বেচ প্ৰাদূৰ্ভাৱ আছিল৷ স্বাস্থ্য শিক্ষাৰ সম্প্ৰচাৰ হোৱাত মানুহে পথাৰৰ সলনি চেনিটেৰী লেট্ৰিনত মলত্যাগ কৰিবলৈ লোৱাত আৰু খালি ভৰিৰে খোজ কাঢ়িবলৈ বাদ দিয়াত এনে ৰোগৰ মাত্ৰা হ্ৰাস পাইছে৷

হাঁড়ৰ মজ্জা বা ব’ন-মেৰোৰ বিজুটিৰ বাবে হোৱা এনিমিয়া-

লিউকেমিয়া, মাইলোফাইব্ৰচিচ আৰু নানাবিধ কেঞ্চাৰ ৰোগত হাঁড়ৰ মজ্জাৰ বিজুটি ঘটে আৰু ৰক্ত কণিকাৰ উৎপাদন বাধাপ্ৰাপ্ত হয়৷
এনিমিয়া হোৱাৰ সানমিহলি কাৰক-
অট’ইমিউন ৰোগ, এলকহল, দৰবৰ পাশ্বক্ৰিয়া, সঘনাই ৰক্তদান কৰা ইত্যাদি৷

আইৰণৰ অভাৱত হোৱা এনিমিয়াৰ লক্ষণসমূহ-

অলপতে ভাগৰ লগা, উশাহ চুটি হোৱা অৰ্থাৎশ্বাস-প্ৰশ্বাসত কষ্টৰ অনুভৱ, শাৰীৰিক দূৰ্বলতা, হৃদগতি একো নকৰি বহি থাকোতেও ক্ষিপ্ৰ হোৱা, শৰীৰৰ বৰণ শেতা পৰা, শৰীৰে ঠাণ্ডা অনুভৱ কৰা, মূৰঘূৰণি, সজ্ঞা হেৰোৱা, ভ্ৰম, বুকুৰ বিষ হোৱা, হাত-ভৰিৰ উত্তাপ কমি যোৱা, মূৰৰ বিষ, মূৰটো পাতল যেন অনুভৱ হোৱা, নখবিলাক সহজে ভংগুৰ হোৱা (আনকি গুৰুতৰ এনিমিয়াত নখৰ আকৃতি চামুচৰ দৰে দ হৈ পৰে), জিভাখনত ঘা হয় বা ফুলি উঠে, খাদ্যৰ প্ৰতি ৰুচি হেৰুওৱা, অস্বাভাৱিক বস্তু যেনে মাটি, বৰফ খাবলৈ মন মেলা ইত্যাদি৷

কৰিবলগীয়া যাৱতীয় পৰীক্ষা –

iStock 470237602 wide | ASSAM TIMES POSTলেবৰেটৰী পৰীক্ষাৰ আগতে ৰোগীৰ হিষ্ট্ৰি জনাৰ একান্ত আৱশ্যক৷ কিয়নো বংশানুক্ৰমে এনিমিয়া আহিব পাৰে৷ পোনতেই আটাইটকৈ দৰকাৰী পৰীক্ষা হ’ল- CBC (Complete blood count).– য’ত ৰক্ত কণিকা, শ্বেত কণিকা আৰু প্লেটলেটৰ সংখ্যা অৱগত হোৱাৰ উপৰি হিমগ্লবিন আৰু হিমাটক্ৰিটৰ তথ্য পোৱা যায়৷

হিমাটক্ৰিটৰ স্বাভাৱিক পৰিমাণ প্ৰাপ্তবয়স্ক পুৰুষৰ ৩৮.৮ৰ পৰা ৫০% আৰু প্ৰাপ্তবয়স্ক মহিলাৰ ৩৪.৯ৰ পৰা ৪৪.৯% থাকে৷ এনিমিয়া হ’লে হিমগ্লবিনৰ উপৰি হিমাটক্ৰিটৰ পৰিমাণ হ্ৰাস পায়৷

ইয়াৰ উপৰি কৰিবলগীয়া পৰীক্ষা হ’ল-

ফেৰিটিনৰ পৰিমান (ফেৰিটিন হ’ল এবিধ প্ৰটিন যি শৰীৰত আইৰণ সংৰক্ষণত সহায় কৰে), ফলেট আৰু ভিটামিন-বি-১২ৰ পৰিমাণ৷ পাকপ্ৰণালীত ৰক্তক্ষৰণৰ সন্দেহ কৰিলে শৌচৰ ৰুটিন পৰীক্ষা আৰু অকাল্ট ব্লাডৰ পৰীক্ষা কৰাৰ উপৰি প্ৰয়োজন সাপেক্ষে এণ্ডস্কপিৰ সহায় ল’ব লাগিব৷

এনিমিয়াৰ চিকিৎসা-

এনিমিয়া হোৱাৰ কাৰণ উদ্ভাৱন কৰি সেই অনুসৰি চিকিৎসা (দৰব, খাদ্যৰ যতন, ৰক্তপ্ৰদান) কৰাই হ’ল উত্তম পন্থা৷

ডা: ভূপেন শইকীয়া
যোগাযোগ -৯৪৩৫০৪৮০৫৫ আৰু drbksaikia@gmail.com

Tags: Health and Wellness
Share4Tweet3Send

Related Posts

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক
ALL NEWS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

by Staff Reporter
June 7, 2026
50
‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ
ALL NEWS

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

by Staff Reporter
May 16, 2026
50
Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ
ALL NEWS

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

by Staff Reporter
April 17, 2026
50
Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs
ALL NEWS

Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs

by ASSAM TIMES POST
February 25, 2026
50
CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ
ALL NEWS

CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ

by Staff Reporter
February 16, 2026
50
New Planet discover । ৩৫৫ দিনত এবছৰৰ এটা শীতল গ্ৰহ আৱিষ্কাৰ মহাকাশত বিজ্ঞানীসকলৰ
ALL NEWS

New Planet discover । ৩৫৫ দিনত এবছৰৰ এটা শীতল গ্ৰহ আৱিষ্কাৰ মহাকাশত বিজ্ঞানীসকলৰ

by Staff Reporter
February 13, 2026
50
ADVERTISEMENT
ছৌদি আৰৱত হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত, মৃত্যু কমেও ১৪
National-International

ছৌদি আৰৱত হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত, মৃত্যু কমেও ১৪

June 28, 2026
50
Monsoon : ‎মৌচুমী বতাহৰ আগমন : চলিত সপ্তাহত উত্তৰ-পূব, দক্ষিণৰ বাবে ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী
National-International

প্ৰবল বৰষুণৰ ফলত হোৱা বানপানী আৰু ভূমিস্খলনত উত্তৰ ছিকিমৰ বৃহৎ অংশ ধ্বংস

June 28, 2026
50
FIFA World Cup 2026 : আজি আৰম্ভ হ’ব দুভৰিৰ যুঁজৰ বিশ্ব ফুটবল মহাৰণ
National-International

ফিফা বিশ্বকাপ ২০২৬ । গ’ল, দৰ্শক, ব্যক্তিগত দৃষ্টান্তকে ধৰি বিভিন্ন অভিলেখৰ বন্যা

June 28, 2026
50
Donald Trump : নিৰ্বাচনত অৱতীৰ্ণ হ’ব পাৰিব ট্ৰাম্প, আদালতৰ সকাহ প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতিক
National-International

পুনৰ যুদ্ধ হ’লে অস্তিত্ব নাথাকিব ইৰাণৰ : ট্ৰাম্পৰ হুংকাৰ

June 28, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

ছৌদি আৰৱত হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত, মৃত্যু কমেও ১৪

ছৌদি আৰৱত হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত, মৃত্যু কমেও ১৪

June 28, 2026
Monsoon : ‎মৌচুমী বতাহৰ আগমন : চলিত সপ্তাহত উত্তৰ-পূব, দক্ষিণৰ বাবে ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী

প্ৰবল বৰষুণৰ ফলত হোৱা বানপানী আৰু ভূমিস্খলনত উত্তৰ ছিকিমৰ বৃহৎ অংশ ধ্বংস

June 28, 2026
FIFA World Cup 2026 : আজি আৰম্ভ হ’ব দুভৰিৰ যুঁজৰ বিশ্ব ফুটবল মহাৰণ

ফিফা বিশ্বকাপ ২০২৬ । গ’ল, দৰ্শক, ব্যক্তিগত দৃষ্টান্তকে ধৰি বিভিন্ন অভিলেখৰ বন্যা

June 28, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx