স্বাস্থ্য প্ৰতিবেদন:
ৰক্তহীনতাক চিকিৎসা বিজ্ঞানৰ ভাষাত ‘এনিমিয়া’ বুলি কয়৷ অৱশ্যে আজিকালি মানুহৰ মুখে মুখে এনিমিয়া শব্দটোৰ প্ৰচলন হ’ব ধৰিছে৷ পুৰুষৰ তুলনাত দুগুণ সংখ্যক মহিলাই এনিমিয়াত ভোগে৷ থূলমূলকৈ ইয়াৰ দুটা প্ৰমুখ কাৰণ হ’ল- ঋতুস্ৰাৱ আৰু গৰ্ভধাৰণ৷
আমাৰ তেজত থকা ৰক্ত কণিকাই হিমগ্লবিন নামৰ এবিধ প্ৰটিন কঢ়িয়াই লৈ ফুৰে৷ এই ৰক্ত কণিকাই আমাৰ শৰীৰৰ প্ৰতিটো কোষক অক্সিজেনৰ যোগান ধৰে৷ তেজত হিমগ্লবিনৰ পৰিমান কম হোৱাকে এনিমিয়া বোলে৷
হিমগ্লবিনৰ থাকিবলগীয়া সঠিক পৰিমাণ হ’ল :
প্ৰাপ্তবয়স্ক পুৰুষৰ ক্ষেত্ৰত ১৩.৫ৰ পৰা ১৭.৫ গ্ৰাম% আৰু প্ৰাপ্তবয়স্ক মহিলাৰ ক্ষেত্ৰত ১২.০ৰ পৰা ১৫.৫ গ্ৰাম% ৷
এনিমিয়া উৎপন্ন হোৱাৰ নানান কাৰণ থাকিব পাৰে৷ ৰক্তহীনতাত ভোগা ৰোগীৰ চিকিৎসা কৰিবলৈ সেই কাৰণ চিনাক্ত কৰাটো আৱশ্যকীয়৷ তলত পুৰুষ-মহিলা উভয়ৰে ক্ষেত্ৰত প্ৰযোজ্য হোৱা এখন তালিকা ডাঙি ধৰিলোঁ আৰু চমুকৈ প্ৰতিটোৰে আলোচনা কৰিম৷
· লৌহ পদাৰ্থ বা আইৰণৰ অভাৱত হোৱা এনিমিয়া
· এপ্লাষ্টিক এনিমিয়া
· পাৰনিচিয়াচ এনিমিয়া
· ভিটামিনৰ অভাৱত হোৱা এনিমিয়া
· চিকল চেল এনিমিয়া
· থেলাচেমিয়া
· বিভিন্ন ৰোগৰ সংক্ৰমণৰ ফলত হোৱা এনিমিয়া
· হিমলাইটিক এনিমিয়া
· হুক ৱৰ্ম বা হাকোটা পেলুৱে কৰা এনিমিয়া
· হাঁড়ৰ মজ্জা বা ব’ন-মেৰোৰ বিজুটিৰ বাবে হোৱা এনিমিয়া
এনিমিয়া হোৱাৰ কাৰক :
আইৰণৰ অভাৱত হোৱা এনিমিয়া :
ওপৰত উল্লেখ কৰা কাৰকসমূহৰ ভিতৰত আইৰণৰ অভাৱত হোৱা এনিমিয়াই নাৰীৰ এনিমিয়া হোৱাৰ প্ৰমুখ কাৰণ৷ মাহেকীয়াৰ সময়ত হোৱা অত্যধিক ৰক্তস্ৰাৱ- এগৰাকী মহিলাৰ যদিহে ৭ দিন বা ততোধিক ৰক্তস্ৰাৱ হৈ থাকে তেনেহ’লে তেওঁৰ স্বাভাৱিকতকৈ দুগুণ ৰক্তক্ষয় হয়৷
নাৰীৰ জৰায়ুৰ এণ্ডোমেট্ৰিয়চিচ ৰোগত অত্যধিক ৰক্তস্ৰাৱ হ’ব পাৰে৷ গৰ্ভধাৰণৰ সময়ত শৰীৰক অধিক আইৰণৰ প্ৰয়োজন হয় যাতে হিমগ্লবিনৰ নিৰ্মাণ সুচাৰুৰূপে হয়৷ যদিহে খাদ্যত আইৰণযুক্ত পদাৰ্থৰ অভাৱ ঘটে, মাতৃৰ এনিমিয়াৰ ফলত গৰ্ভস্থ সন্তানৰ বিকাশ বাধাপ্ৰাপ্ত হ’ব নাইবা গৰ্ভস্থ সন্তানৰ অপৈণত অৱস্থাত প্ৰসৱ হ’ব পাৰে৷
আইৰণযুক্ত খাদ্য হ’ল মাংস, কণী, সেউজীয়া শাক (পূৰৈ, পালেং, মেথি, জিলমিল), বীন, কাজু বাদাম, আলু, পনীৰ, চয়াবীন আদি৷
আভ্যন্তৰীণ ৰক্তক্ষয় – পাক প্ৰণালীত ঘা, পলিপ, টিউমাৰ আদি থাকিলে পেটৰ ভিতৰত হোৱা ৰক্তক্ষৰণে আইৰণৰ অভাৱত হোৱা এনিমিয়া কৰিব পাৰে৷ এচপ্ৰিন, ডিচপ্ৰিন, চেৰিডন, এনাচিন বা আন সঘনাই খোৱা গা-মূৰ বিষৰ দৰবেও পাকস্থলীৰ পৰা ৰক্তক্ষৰণ ঘটাব পাৰে৷৷
আকৌ পাক প্ৰণালীৰ মাধ্যমেৰে বহু সময়ত আইৰণৰ শোষণ বাধাপ্ৰাপ্ত হোৱাটোও আইৰণৰ অভাৱত হোৱা এনিমিয়াৰ কাৰণ হ’ব পাৰে৷ ইয়াৰ উদাহৰণ হ’ল গেষ্ট্ৰিক বাইপাচ চাৰ্জাৰী, চিলিয়াক ডিজিজ৷
এপ্লাষ্টিক এনিমিয়া হ’ল এটি দুৰ্লভ কিন্তু অতিশয় বিপদজন ৰোগ৷
এই ৰোগত হাঁড়ৰ মজ্জাৰ পৰা সকলো ধৰণৰ কোষৰ নিৰ্মাণ বাধাগ্ৰস্ত হয়৷ ৰঙা ৰক্ত কণিকা, শ্বেত কণিকা আৰু প্লেটলেটৰ কমকৈ উৎপাদন হয়৷ এন্টি-থ্ৰম্বচাইট-গ্লুবুলিনৰ দ্বাৰা এপ্লাষ্টিক এনিমিয়াৰ চিকিৎসা কৰা হয়৷
পাৰনিচিয়াচ এনিমিয়া –
শৰীৰৰ ৰক্ত কণিকাৰ নিৰ্মাণ কৰিবলৈ ভিটামিন-বি১২ ৰ আৱশ্যক হয়৷ ইনট্ৰিনচিক ফেক্টৰ নামৰ প্ৰটিনে ভিটামিন-বি১২ক সংগ দি আমাৰ পাক প্ৰণালীৰ পৰা ইয়াৰ শোষণত সহায় কৰে৷ ভিটামিন-বি১২যুক্ত খাদ্যৰ উৎস হ’ল- মাংস, কণী, সমুদ্ৰীয় মাছ, ডেইৰী প্ৰডাক্ট, ৰঙালাউৰ গুটি, বাদাম ইত্যাদি৷
ভিটামিনৰ অভাৱত হোৱা এনিমিয়া-
ইতিমধ্যে ভিটামিন বি-১২ৰ অভাৱত হোৱা পাৰনিচিয়াচ এনিমিয়াৰ কথা পাঠকে অৱগত হৈছে৷ আন দুবিধ ভিটামিনৰ অভাবেও এনিমিয়া সৃষ্টি কৰিব পাৰে৷ সেই দুবিধ হ’ল ফলেট আৰু ভিটামিন-চি৷ ভিটামিন-বিৰ আন এটা নাম হ’ল ফলেট৷ ফলিক এচিড হ’ল মানৱ সৃষ্ট ফলেট৷ ফলেটত থকা খাদ্যসমূহ হ’ল- সেউজীয়া শাক, সকলো ফলমূল, বীন, বাদাম, মটৰ, কণী, ডেইৰী সামগ্ৰী, মাংস, সমুদ্ৰীয় মাছ আদি৷
ফলেটৰ অভাৱত হোৱা এনিমিয়াত ৰক্ত কণিকাৰ আকৃতি সামান্যতকৈ ডাঙৰ হয়৷ এনে অৱস্থাক মেগাল’ব্লাষ্টিক এনিমিয়া বোলে৷ স্বাভাবিক ৰক্ত কণিকাৰ আয়ুস ১১৫দিন৷ কিন্তু এনে অস্বাভাৱিক ৰক্ত কণিকাৰ আয়ুস কম৷ লেবৰেটৰীত তেজৰ ফলেটৰ পৰিমাণ পৰীক্ষা কৰি অভাৱ হোৱা অৱস্থা চিনাক্ত কৰিব পাৰি৷
ভিটামিন-চিৰ অভাৱত এনিমিয়া হ’ব পাৰে যদিহে আমি খাদ্যত উচিত পৰিমাণত ভিটামিন-চি গ্ৰহণ নকৰোঁ৷ ভিটামিন-চিৰ অভাৱত পাক প্ৰণালীত আইৰণৰ শোষণ বাধাপ্ৰাপ্ত হয়৷ গতিকে আইৰণৰ অভাৱত হোৱা এনিমিয়াও ইয়াৰ ফলত হ’ব পাৰে৷ ভিটামিন-চিৰ অভাৱত এনিমিয়াত জিভাখন ৰঙা আৰু ডাঠ হৈ পৰে৷ ভিটামিন-চি থাকে টেঙা ফল (নেমু, কমলা, মৌচম্বী, জলফাই, আমলখি আদি), ব্ৰ’কলি, পালেং, বিলাহী, আভাকাডো ইত্যাদিত৷
চিকল চেল এনিমিয়া –
এনে ৰোগত জন্মগত কাৰণত অস্বাভাৱিক হিমগ্লবিনযুক্ত ৰক্ত কণিকাই কাঁচিৰ আকৃতি লয় আৰু সময়ে সময়ে ভংগুৰতাৰ বাবে সংকট কালৰ সৃষ্টি কৰে৷ এনে ৰোগ অসমৰ চাহ বাগানৰ লোক আৰু ট্ৰাইবেল লোকৰ মাজত কিছু পৰিমাণে আছে বুলি জনা যায়৷ ব’ন মেৰো ট্ৰান্সপ্লান্টৰ দ্বাৰা চিকিৎসা কৰি এই জেনেটিক ৰোগত সুফল পোৱা যায়৷ বিজ্ঞানীসকলে জিন থেৰাপিৰ দ্বাৰা ভবিষ্যতে এই ৰোগত সুফল পোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে৷
থেলাচেমিয়া-
ইয়ো এক বংশানুক্ৰমে অহা এনিমিয়া ৰোগ৷ ইয়াৰ ফলত লোকজনৰ হিমগ্লবিন কম থাকে৷ ইয়াৰ প্ৰকাৰ আলফা আৰু বিটা থেলাচেমিয়া হ’ব পাৰে৷ থেলাচেমিয়াৰ ন্যূনতম লক্ষণ থকা লোকক একো চিকিৎসাৰ প্ৰয়োজন নহ’বও পাৰে৷ আনহাতে, গুৰুতৰভাবে আক্ৰান্তজনক সময়ে সময়ে তেজদান কৰি থাকিবলগীয়া হ’ব পাৰে৷
এনে ৰোগীৰ সাধাৰণতে প্লীহা ডাঙৰ হোৱা দেখা যায়৷ হিমগ্লবিন ইলেকট্ৰফৰচিচ নামৰ পৰীক্ষা লেবৰেটৰীত কৰিলে অস্বাভাবিক হিমগ্লবিনৰ উপস্থিতি আৰু পৰিমাণ জনা যায়৷
থেলাচেমিয়া, চিকল চেল ডিজিজ আদি চিনাক্তকৰণৰ বাবে এই পৰীক্ষাৰ প্ৰয়োজন হয়৷ আমাৰ উত্তৰ পূৰ্বাঞ্চলত HbE বিটা থেলাচেমিয়াৰ ৰোগীৰ সংখ্যা অঞ্চলভেদে ১৬ শতাংশৰ পৰা ৪৭ শতাংশলৈকে৷
বিভিন্ন ৰোগৰ সংক্ৰমণৰ ফলত হোৱা এনিমিয়া –
কৰ্কট ৰোগ, এইডচ, ৰিউমেটইড আৰ্থাইটিচ, কিডনীৰ ৰোগ, ক্ৰনজ ডিজিজ আদিৰ বাবে ৰক্ত কণিকাৰ উৎপাদন বাধাপ্ৰাপ্ত হব পাৰে৷
হিমলাইটিক এনিমিয়া –
এনে ধৰণৰ এনিমিয়াত ৰক্ত কণিকাৰ বিনষ্টীকৰণ ব’ন-মেৰোত হোৱা উৎপাদনৰ তুলনাত ক্ষিপ্ৰ হয়৷ ৰক্ত কণিকা এনেদৰে ধ্বংস হোৱাক হিমলাইচিচ বুলে৷ হিমলাইটিক এনিমিয়া জন্মগতভাবে (যেতিয়া পিতৃ-মাতৃয়ে জিন সন্তানক দিয়ে) হ’ব পাৰে৷ জন্মগতভাবে পোৱা হিমলাইটিক এনিমিয়াৰ উদাহৰণ হ’ল থেলাচেমিয়া আৰু চিকল চেল ৰোগ৷
কেতিয়াবা জীৱনৰ পৰৱৰ্তী কালতো বিভিন্ন কাৰণত হিমলাইটিক এনিমিয়া হ’ব পাৰে৷ তেনে কিছুমান কাৰণ হব পাৰে তেজ প্ৰদানৰ পাৰ্শ্বক্ৰিয়া, কিছুমান টিউমাৰ, তেজৰ কেঞ্চাৰ, কিছুমান দৰবৰ পাৰ্শ্বক্ৰিয়া (উদাহৰণ -পেনিচিলিন, মেলেৰিয়াৰ ঔষধ, চালফা ড্ৰাগচ), প্লীহাৰ অতি সক্ৰিয়তা৷
হুক ৱৰ্ম বা হাকোটা পেলুৱে কৰা এনিমিয়া –
হাকোটা পেলুৰ পোৱালিয়ে (লাৰভা) প্ৰদূষিত মাটিত খালি ভৰিৰে খোজকঢ়া লোকৰ শৰীৰত ভৰিয়েদি প্ৰবেশ কৰি তেজৰ নলীয়েদি গৈ বৃহদঅন্ত্ৰত থিতাপি লয় আৰু বংশ বৃদ্ধি কৰে৷ এই হাকোটা পেলুৱে এগুণ তেজ শোহে কিন্তু তিনিগুণ ৰক্তক্ষৰণ ঘটাই বিপদজনক এনিমিয়াৰ সৃষ্টি কৰে৷
এটা সময়ত চাহ বাগিচাৰ বনুৱা আৰু গ্ৰামীণ লোকৰ মাজত এনে ৰোগৰ বেচ প্ৰাদূৰ্ভাৱ আছিল৷ স্বাস্থ্য শিক্ষাৰ সম্প্ৰচাৰ হোৱাত মানুহে পথাৰৰ সলনি চেনিটেৰী লেট্ৰিনত মলত্যাগ কৰিবলৈ লোৱাত আৰু খালি ভৰিৰে খোজ কাঢ়িবলৈ বাদ দিয়াত এনে ৰোগৰ মাত্ৰা হ্ৰাস পাইছে৷
হাঁড়ৰ মজ্জা বা ব’ন-মেৰোৰ বিজুটিৰ বাবে হোৱা এনিমিয়া-
লিউকেমিয়া, মাইলোফাইব্ৰচিচ আৰু নানাবিধ কেঞ্চাৰ ৰোগত হাঁড়ৰ মজ্জাৰ বিজুটি ঘটে আৰু ৰক্ত কণিকাৰ উৎপাদন বাধাপ্ৰাপ্ত হয়৷
এনিমিয়া হোৱাৰ সানমিহলি কাৰক-
অট’ইমিউন ৰোগ, এলকহল, দৰবৰ পাশ্বক্ৰিয়া, সঘনাই ৰক্তদান কৰা ইত্যাদি৷
আইৰণৰ অভাৱত হোৱা এনিমিয়াৰ লক্ষণসমূহ-
অলপতে ভাগৰ লগা, উশাহ চুটি হোৱা অৰ্থাৎশ্বাস-প্ৰশ্বাসত কষ্টৰ অনুভৱ, শাৰীৰিক দূৰ্বলতা, হৃদগতি একো নকৰি বহি থাকোতেও ক্ষিপ্ৰ হোৱা, শৰীৰৰ বৰণ শেতা পৰা, শৰীৰে ঠাণ্ডা অনুভৱ কৰা, মূৰঘূৰণি, সজ্ঞা হেৰোৱা, ভ্ৰম, বুকুৰ বিষ হোৱা, হাত-ভৰিৰ উত্তাপ কমি যোৱা, মূৰৰ বিষ, মূৰটো পাতল যেন অনুভৱ হোৱা, নখবিলাক সহজে ভংগুৰ হোৱা (আনকি গুৰুতৰ এনিমিয়াত নখৰ আকৃতি চামুচৰ দৰে দ হৈ পৰে), জিভাখনত ঘা হয় বা ফুলি উঠে, খাদ্যৰ প্ৰতি ৰুচি হেৰুওৱা, অস্বাভাৱিক বস্তু যেনে মাটি, বৰফ খাবলৈ মন মেলা ইত্যাদি৷
কৰিবলগীয়া যাৱতীয় পৰীক্ষা –
লেবৰেটৰী পৰীক্ষাৰ আগতে ৰোগীৰ হিষ্ট্ৰি জনাৰ একান্ত আৱশ্যক৷ কিয়নো বংশানুক্ৰমে এনিমিয়া আহিব পাৰে৷ পোনতেই আটাইটকৈ দৰকাৰী পৰীক্ষা হ’ল- CBC (Complete blood count).– য’ত ৰক্ত কণিকা, শ্বেত কণিকা আৰু প্লেটলেটৰ সংখ্যা অৱগত হোৱাৰ উপৰি হিমগ্লবিন আৰু হিমাটক্ৰিটৰ তথ্য পোৱা যায়৷
হিমাটক্ৰিটৰ স্বাভাৱিক পৰিমাণ প্ৰাপ্তবয়স্ক পুৰুষৰ ৩৮.৮ৰ পৰা ৫০% আৰু প্ৰাপ্তবয়স্ক মহিলাৰ ৩৪.৯ৰ পৰা ৪৪.৯% থাকে৷ এনিমিয়া হ’লে হিমগ্লবিনৰ উপৰি হিমাটক্ৰিটৰ পৰিমাণ হ্ৰাস পায়৷
ইয়াৰ উপৰি কৰিবলগীয়া পৰীক্ষা হ’ল-
ফেৰিটিনৰ পৰিমান (ফেৰিটিন হ’ল এবিধ প্ৰটিন যি শৰীৰত আইৰণ সংৰক্ষণত সহায় কৰে), ফলেট আৰু ভিটামিন-বি-১২ৰ পৰিমাণ৷ পাকপ্ৰণালীত ৰক্তক্ষৰণৰ সন্দেহ কৰিলে শৌচৰ ৰুটিন পৰীক্ষা আৰু অকাল্ট ব্লাডৰ পৰীক্ষা কৰাৰ উপৰি প্ৰয়োজন সাপেক্ষে এণ্ডস্কপিৰ সহায় ল’ব লাগিব৷
এনিমিয়াৰ চিকিৎসা-
এনিমিয়া হোৱাৰ কাৰণ উদ্ভাৱন কৰি সেই অনুসৰি চিকিৎসা (দৰব, খাদ্যৰ যতন, ৰক্তপ্ৰদান) কৰাই হ’ল উত্তম পন্থা৷
ডা: ভূপেন শইকীয়া
যোগাযোগ -৯৪৩৫০৪৮০৫৫ আৰু drbksaikia@gmail.com