নিউজ ডেস্কঃ
এই বছৰৰ পৰা নেতাজীৰ জন্মদিনটো অৰ্থাৎ ২৩ জানুৱাৰী ‘পৰাক্রম দিৱস’ হিচাবে ঘোষণা কৰিলে কেন্দ্রীয় চৰকাৰে। প্রতি বছৰে উক্ত দিনটো পৰাক্রম দিৱস হিচাবে উদ্যাপন কৰা হ’ব। কেন্দ্রীয় চৰকাৰে জাৰি কৰা এক বিবৃতিত কোৱা হৈছে, ‘নেতাজী সুভাষ চন্দ্র বসুৰ প্রতি সন্মান জনাবলৈ আৰু তেওঁ দেশৰ প্রতি আগবঢ়োৱা আত্মবলিদানক শ্রদ্ধা জনাবলৈ ভাৰত চৰকাৰে তেওঁৰ জন্মদিনটোক পৰাক্রম দিৱস হিচাবে ঘোষণা কৰিলে ৷’
কেন্দ্রীয় সংস্কৃতি মন্ত্ৰালয়ে জাৰি কৰা নির্দেশাৱলীত কোৱা হৈছে, ‘নেতাজীৰ জন্মদিন বিশেষভাবে পালন কৰাৰ উদ্দেশ্য দেশৰ সাধাৰণ মানুহক উৎসাহিত কৰা। বিশেষকৈ দেশৰ যুৱ সমাজক আৰু দেশ আৰু সমাজমুখী কৰি তোলা। দেশৰ প্রতি প্রেম জগোৱা ৷’