অজন্তা তালুকদাৰ
বোকাখাত : বহিঃৰাজ্যত পুনৰ হত্যাৰ সন্দেহ কৰা হৈছে বোকাখাতৰ পবিত্ৰ পেগু নামৰ যুৱকজনক ৷ বোকাখাতৰ আমটেঙাৰ ২নং বালিজান গাঁৱৰ পবিত্ৰ বাংগালুৰুৰ চিকবালাৰপুৰৰ ষ্টাৰ ষ্ট্ৰীল ইণ্ড্ৰাষ্টী নামৰ এটা ব্যক্তিগত কোম্পানীত কৰ্মৰত আছিল ৷ ১১ জানুৱাৰীত ঘৰলৈ বুলি কোম্পানীৰ পৰা ছুটী লৈ লগৰ এজন সমনীয়াৰ সৈতে সন্ধিয়া চেহাড্ৰীপুৰম ৰে’ল ষ্টেচনলৈ আহে ৷ ৰে’ল ষ্টেচনৰ পৰাই সন্ধিয়া ৫ বজাত ঘৰলৈ ফোন কৰি পবিত্ৰ ঘৰ অহাৰ কথা জনায় ৷ সেয়াই পবিত্ৰৰ ঘৰলৈ শেষ ফোন আছিল ৷ তাৰ পাছৰ পৰা পবিত্ৰৰ সৈতে ঘৰৰ লোকে ফোনত সংযোগ কৰি বিফল হৈছিল ৷
কিন্তু সোমবাৰে সন্ধিয়া তাতেই কৰ্মৰত তেওঁৰ ভাতৃয়ে চেহাড্ৰীপুৰম আৰক্ষী থানাত মৃত অৱস্থাত পবিত্ৰৰ মৃতদেহ প্ৰাপ্ত কৰিবলৈ সক্ষম হয় ৷ দুখীয়া পৰিয়ালটিৰ দ্বিতীয় সন্তান পবিত্ৰৰ এই মৃত্যু সহজভাৱে ল’ব পৰা নাই পৰিয়ালৰ লগতে স্থানীয় লোকে ৷ প্ৰায় ২০ হাজাৰ নগদ টকা লৈ ঘৰলৈ অহা পবিত্ৰক ৰে’ল ষ্টেচনতে কোনো দুস্কৃতিকাৰীয়ে পৰিকল্পিতভাৱে হত্যা কৰাৰ সন্দেহ কৰিছে পৰিয়ালৰ লোকে ৷ কাৰণ পবিত্ৰৰ লগত মোবাইলৰ পৰা ধৰি নগদ ধন মৃতদেহৰ সৈতে লাভ কৰা নাই চেহাড্ৰীপুৰম আৰক্ষীয়ে ৷ এতিয়া দুখীয়া পৰিয়ালটিয়ে পবিত্ৰ মৃতদেহ ওভতাই আনিবৰ বাবে বোকাখাত আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে আৰু দোষীক কঠোৰ শাস্তিৰ দাবী জনাইছে ৷