স্বাস্থ্য প্ৰতিবেদন:
কম বেছি পৰিমাণে সকলোৱে ভাত খাই ভাল পায়। কিন্তু কোন সময়ত ভাত খাব লাগে বা নালাগে তাক লৈ বহুতৰে দ্বিমত আছে। কিছুমানে কয় ৰাতি ভাত খোৱাটো স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক আৰু এই কাৰণেই বেছিভাগ লোকে ৰাতি ভাত খোৱাৰ পৰা বিৰত থাকে।
কিন্তু বিশেষজ্ঞসকলে ভাবে যে ৰাতি ভাত খোৱাটো স্বাস্থ্যৰ পক্ষে খুব উপকাৰী। ৰাতি ভাত খালে কি কি উপকাৰ হয় এবাৰ জানি লওঁ আহক।
ৰাতি কম পৰিমাণে মচুৰ দাইল-ভাত খালে ডাল ও ভাত হার্ট আৰু ব্লাড ব্লাড চুগাৰ সঠিক ৰাখে। ভাতে আমাৰ অন্ত্রক শক্তিশালী কৰে আৰু কোষ্ঠকাঠিন্যৰ পৰা মুক্তি পোৱাত সহায় কৰে।
ভাত হজম কৰা সহজ, সেয়ে ই ৰাতিৰ টোপনিত ব্যাঘাত নঘটায়। ওলোটাই ভাল টোপনি হোৱাত সহায় কৰে। ইয়াত কম ফেটযুক্ত উপাদান আছে আৰু কলেষ্টেৰল মুক্ত। ইয়াত গমতকৈও কম কেলৰি আছে।
ৰাতি ৰৈ যোৱা ভাত পেলাই নিদি তাক পানী দি ভিজাই ৰাখক। পুৱা ব্ৰেকফাষ্ট হিচাপে পইতা ভাত পিয়াঁজ-জলকীয়া কাটি খাব পাৰে। পইতা ভাতে আপোনাৰ দেহৰ তাপমাত্রাও নিয়ন্ত্রণ ৰখাত সহায় কৰে। কিন্তু চর্দি বা জ্বৰৰ ভাব থাকিলে নোখোৱাই ভাল।
অসুখ হ’লেও ৰাতি ভাত খোৱাত কোনো সমস্যা নাই। অৱশ্যে যদি ওজন বেছি হয় আবেলিৰ ফালে ভাত খাওক। কাৰণ বিপাক কার্য আবেলিৰ ফালে ভাল হয়।
ভাতত প্রচুৰ পৰিমাণে শর্কৰা থাকে, যি ওজন বৃদ্ধিৰ লগত পোনপটীয়াকৈ সম্পর্কিত। অৱশ্যে ভাতত থকা শর্কৰা আমাৰ বাবে শক্তিৰ প্রধান উৎস। কিন্তু যিয়ে ওজন কমাব বিচাৰে তেওঁলোকে ভাত সীমিত পৰিমাণে খোৱাই ভাল।
ভাত খালে মূলত, লিভাৰৰ পৰা বিষাক্ত পদার্থবোৰ দূৰ কৰাৰ কাম কৰে। ছালৰ উজ্জ্বলতা বৃদ্ধি পায়। ইয়াৰ ফল ছালক উজ্জ্বল দেখায়। ইয়াৰ উপৰি ভাতত প্রচুৰ পৰিমাণে তন্তু থাকে, যিয়ে কোষ্ঠকাঠিন্যৰ সমস্যাৰ পৰা মুক্তি দিয়ে।