অজন্তা তালুকদাৰ:
বোকাখাত : যোৱা ১৭ জানুৱাৰীৰ সন্ধ্যা শিল্পী দিৱস উপলক্ষ্যে গোলাঘাট জিলাৰ ফলঙনীৰ গেৰুকানীত গেৰুকানী আৰু সমীপৱৰ্ত্তী গাঁৱৰ ৰাইজৰ লগতে শিল্পী প্ৰেমী ৰাইজৰ উদ্যোগত অনুষ্ঠিত হৈ যায় বোকাখাতৰ দুুুই শক্তিশালী নাট্যগোষ্ঠী ক্ৰমে সাৰথি, বোকাখাতৰ বৰ্ষটোৰ প্ৰথম নিবেদনত বিশিষ্ট নাট্যকাৰ অমৰ শৰ্মা ৰচিত আৰু যশস্বী নাট পৰিচালক তথা বহুচৰ্চিত বহুকেইখন অসমীয়া কথাছবিৰ সহ পৰিচালক ৰোণাল্ড হুছেইন পৰিচালিত ‘দ্যা ট্ৰেপিজিয়ম’ (একাংক) আৰু ‘দেখহ-শুনহ’ৰ নিবেদনত বিশিষ্ট নাট্যকাৰ পবিত্ৰ ৰাজখোৱা ৰচিত আৰু বোকাখাতৰ প্ৰতিশ্ৰুতিসম্পন্ন যুৱ নাট পৰিচালক তৰুণ তীৰ্থ শইকীয়া পৰিচালিত ‘বান্দৰঃ এক উভতনি যাত্ৰা’ (পূৰ্ণাংগ) দুই মননশীল, মৌলিক নাট।
‘দ্যা ট্ৰেপিজিয়ম’ৰ অভিনয়ত আছিল ক্ৰমে ৰিতুপন চৌধুৰী, তৰুণ তীৰ্থ শইকীয়া, নীলিম ফুকন, পংকজ বৰুৱা , শিশু শিল্পী ৰাজদীপ দত্ত আৰু অজন্তা তালুকদাৰ, পোহৰ ৰূপম শইকীয়াৰ, সংগীত ৰূপম বাহেকৰ আৰু সামগ্ৰিক পৰিকল্পনা সাৰথি, বোকাখাতৰ সভাপতি ৰিপুঞ্জয় দত্তৰ।
আনহাতে ‘বান্দৰঃ এক উভতনি যাত্ৰা’ পূৰ্ণাংগ নাটৰ অভিনয়ত আছিল পৰিচালক তৰুণ তীৰ্থ শইকীয়াৰ লগতে ক্ৰমে প্ৰনৱ শইকীয়া, নীলাক্ষী ৰাজখোৱা, অভিলাষ বৰবৰা, ৰূপম বাহেক, পাৰ্থ প্ৰতীম বৰা, লোকপ্ৰিয়া বৰা, অৰ্পিতা কাশ্যপ, প্ৰিয়াংশু প্ৰাঞ্জল, আকাশদ্বীপ শইকীয়া, শিশু শিল্পীদ্বয় অনুৰাগ অৰ্চন শইকীয়া আৰু পত্ৰ নীলাভ, সংগীত ৰঞ্জিত কলিতা আৰু তন্ময় শইকীয়াৰ।
নাটসন্ধ্যাৰ মঞ্চ উদ্বোধন কৰে বিশিষ্ট নাট পৰিচালক তথা প্ৰবীন নাট্যকৰ্মী মৃদুল ফুকনে। নাট সন্ধ্যাৰ আৰম্ভণিতে উদ্বোধক মৃদুল ফুকন, ‘দ্যা ট্ৰেপিজিয়ম’ৰ নাট্যকাৰ অমৰ শৰ্মা আৰু বগীজান থানাৰ আৰক্ষী বিষয়া দীপক বৰা, বগীজান থানা সমিতিৰ সম্পাদক ৰবীন হাজৰিকা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ গোলাঘাট জিলা সমিতিৰ যুটীয়া সম্পাদক মৃদুল ফুকনক আৰু ‘বান্দৰঃ এক ওভতনি যাত্ৰা’ৰ পৰিচালক তৰুণ তীৰ্থ শইকীয়াক একোখনিকৈ ফুলাম গামোচাৰে সম্বৰ্দ্ধনা জনোৱা হয়।
অনুষ্ঠানৰ পুৱা উদযাপন সমিতিৰ সভাপতি পুণিৰাম দাসে পতাকা উত্তোলন কৰাৰ লগতে স্মৃতি তৰ্পন, বৃক্ষ ৰোপণ, সাংস্কৃতিক প্ৰতিযোগিতা আদি অনুষ্ঠিত হয়। বিয়লি ফলঙনী বাপুজী উচ্চতৰ মাধ্যমিকৰ অধ্যক্ষ দয়ানাথ ভট্টাচাৰ্যৰ সভাপতিত্বত মুকলি সভা অনুষ্ঠিত হয়।
মাঘৰ হাঁড় কঁপোৱা শীতকো আওকাণ কৰি সমাগত গ্ৰাম্যাঞ্চলৰ বিপুল সংখ্যক দৰ্শকৰ সহজলভ্য বাণিজ্যিক শিল্পৰ বিপৰীতে মননশীল নাটকলৈ আগবঢ়োৱা এনে সঁহাৰিয়ে নাট নিঃসন্দেহে অসমৰ এমেচাৰ নাট জগতলৈ এক শুভ সংকেত বুলি সচেতন মহলত চৰ্চিত হৈছে।













