![]()
দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গৃহমন্ত্ৰী অমৃত শ্বাহৰ অসম ভ্ৰমণৰ সময়চোৱাত সদৌ অসম ছাত্ৰ সন্থাৰ আন্দোলনৰ কাৰ্যসূচী ঘোষণা। সংবাদমেল যোগে ঘোষণা কৰিলে আছু নেতৃত্বই। ২২ জানুৱাৰীত ৰাজ্যজুৰি জোঁৰ সমদলৰ কাৰ্যসূচী। ২৩ জানুৱাৰীত মুখত কলা কাপোৰ পিন্ধি সাৱ্যস্ত কৰিব প্ৰতিবাদ। ২৪ জানুৱাৰীত কলা পতাকা উত্তোলন আৰু নাগৰিকত্ব সংশোধনী আইন চমুকৈ কা’ দাহ কৰিব। ডিব্ৰুগড়ত ঘোষণা কৰিছে আছু নেতৃত্বই।
উল্লেখ ২৩ জানুৱাৰীত শিৱসাগৰৰ জেৰঙা পথাৰত বিজেপি বিশাল জনসভাত অংশগ্ৰহণ উদ্দেশ্যৰ মোডী অসমলৈ আহিব। একেদৰে ২৪ জানুৱাৰীত গৃহমন্ত্ৰী অমৃত শ্বাহ অসমলৈ আহিব। ডিব্ৰুগড়ত সংবাদমেলত সভাপতি দীপাংক নাথে কয়- নিৰ্বাচনৰ দিন আহিছে।মিছা কথা বন্যা বোৱাবলৈ অসমলৈ মোডী আহিছে। বিজেপি দুয়োগৰাকী নেতা আগমনৰ প্ৰতি লক্ষ্য ৰাখি তাক্ষণিক ভাৱে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা বুলি নাথে লগতে কয়। সংবাদমেলত সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা উপস্থিত থাকে।













