![]()
বহাগ বিহু পূৰ্বে ৰাজ্যত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন ! তিনিদিন ধৰি দেশৰ মুখ্য নির্বাচনী আয়ুক্তই ৰাজ্য ৰাজনীতিৰ পৰিৱেশ বিভিন্ন স্তৰত পৰ্যালোচনা অন্তত সংবাদ মেলৰ জৰিয়তে তাৰে যেন ইংগিত দিলে দেশৰ মুখ্য নির্বাচনী আয়ুক্ত সুনিল আৰোৰাই।
গুৱাহাটীৰ ৰেডিচন ব্লু হোটেলত সংবাদমেল সম্বোধন কৰি তেওঁ কয়-বহাগ বিহু আগতেই নিৰ্বাচন অনুষ্ঠিত কৰাত প্ৰায় সকলো ৰাজনৈতিক দলে আয়োগক আহ্বাহন জনাইছে”।
এটা ৰাজনৈতিক দলে ইভিএমৰ সলনি বেলট পেপাৰত নির্বাচন অনুষ্ঠিত কৰা আহ্বান কৰা বুলি উল্লেখ কৰি মুখ্য নির্বাচনী আয়ুক্তগৰাকীয়ে কয়- ইভিএমৰ জৰিয়তে অনুষ্ঠিত হ’ব নিৰ্বাচন। নির্বাচনী ব্যয় পয্যবেক্ষণৰ বাবে নিয়োগ কৰা হ’ব পয্যবেক্ষক।
কভিড প্ৰট’কল অনুসৰি ভোট কেন্দ্ৰ বৃদ্ধি কৰাৰো আহ্বান কৰা বুলি উল্লেখ কৰি তেওঁ লগতে কয়- এহেজাৰৰ অধিক ভোটাৰ থকা ভোট কেন্দ্ৰৰ কাষত স্থাপন হ’ব নতুন ভোটকেন্দ্ৰ। স্বচ্ছ-নিকা পদ্ধতিৰে নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে গ্ৰহণ কৰা হ’ব প্ৰয়োজনীয় পদক্ষেপ”।
বৰ্তমান চৰকাৰৰ কাৰ্যকাল অন্ত পৰিব অহা ৩১ মে’ত। বিহু,পৰীক্ষা আদি থকা বাবে অধিক গুৰুত্ব দিবলগীয়া হৈছে নিৰ্বাচনতো। নিৰ্বাচনৰ প্ৰস্তুতি পূৰ্ণ পৰ্যায়ত চলি আছে। টীম অসম’ নিৰ্বাচনৰ বাবে সাজু হৈছে- আৰোৰাই কয়।
উল্লেখ ১৮ জানুৱাৰীত প্ৰকাশ পাইছে চূড়ান্ত ভোটাৰ তালিকা। ভোটকেন্দ্ৰত বিশুদ্ধ খোৱাপানী ব্যৱস্থা কৰা হ’ব। লগতে অনলাইন পদ্ধতিৰে সংগ্ৰহ কৰিব পাৰিব মনোনয়ন-পত্ৰ। এই কথা উল্লেখ কৰি আৰোৰাই লগতে কয়- প্ৰাৰ্থীসহ পাঁচজনেহে ঘৰে ঘৰে যাব পাৰিব নিৰ্বাচনী প্ৰচাৰত। ৰোড শ্ব’ ক্ষেত্ৰত নাথাকিব কোনো বাধা। প্ৰাৰ্থী নিৰ্বাচনী ব্যয় জিলা পৰ্যায়ত নিৰীক্ষণ কৰিব উপায়ুক্তসকলে।
বৰ্তমান ৰাজ্যৰ আইন-শৃংখলা পৰিস্থিতি সুস্থিৰ। নিৰ্বাচনৰ সময়ত ছ’চিয়েল মিডিয়াৰ ওপৰতো ৰখা হ’ব কঠোৰ নিৰীক্ষণ-মুখ্য নিৰ্বাচনী আয়ুক্ত গৰাকীয়ে কয়।
তাপৰ্যপূৰ্ণ কথা এই যে NRC-ত নাম নথকা সকলেও ভোটদানৰ সুবিধা পাব কিন্তু তেওঁ নাম ভোটা তালিকাত থাকিব লাগিব।
উল্লেখ আৰক্ষী প্ৰশাসনৰ সৈতে যোৱা তিনিদিন ধৰি আগন্তক নিৰ্বাচনৰ বাবে বিভিন্ন স্তৰত বৈঠকত মিলিত হৈছিল আয়োগ। তাৰোপৰি ৰাজনৈতিক দলসমূহৰ পৰাও গ্ৰহণ কৰিছিল মতামত।
আনহাতে নির্বাচনৰ চূড়ান্ত দিন-বাৰ শীঘ্ৰে আয়োগে দিল্লীত ঘোষণা কৰিব বুলি সংবাদমেল জানিবলৈ দিয়ে। সংবাদমেলত উপস্থিত থাকে নিৰ্বাচন আয়ুক্তদ্বয় সুশীল চন্দ্ৰা আৰু ৰাজীব কুমাৰ।













