![]()
দেশৰ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডী অসম ভ্ৰমণৰ প্ৰাকক্ষণত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে গ্ৰহণ কৰে জোঁৰ সমদল কাৰ্যসূচী। কা’ বাতিল, আন্তৰাজ্যিক পাৰপত্ৰ প্ৰৱৰ্তন দাবীত ৰাজ্যজুৰি বুধবাৰে ৰূপায়ন কৰে জোঁৰ সমদল। ৰাজ্য প্ৰতিখন জিলা সদৰত পৰিষদৰ জিলা সমিতিসমূহে জোঁৰ সমদল কৰি বিজেপি বিৰোধী প্ৰতিবাদত ৰাজপথ উত্তাল কৰি তোলে।
কাৰ্যসূচী অন্তত সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা প্ৰেছ বিজ্ঞপ্তিত সংগঠনটো সভাপতি ৰাণা প্ৰতাপ বৰুৱা আৰু সাধাৰণ সম্পাদক পলাশ চাংমাই কয়- জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কা’ বাতিলৰ দাবীত অটল স্থিতিত থাকি ইয়াৰ বিৰুদ্ধে সংগ্রাম চলাই যাব।
ইফালে ৰাজপথৰ আন্দোলনৰ সমান্তৰালকৈ কা’ বাতিল আৰু আন্তঃৰাজ্যিক পাৰপত্ৰ প্ৰৱৰ্তন কৰা দাবীত ন্যায়ালয়তো যুজঁ চলাই থকা বুলি উল্লেখ কৰে সংগঠনটো নেতৃত্বই।
আনহাতে অহা ২৩ জানুৱাৰীত অসমলৈ আহিব লগা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ভ্ৰমণক বিৰোধিতা কৰিছে সংগঠনটোৱে। জাতিধ্বংসী কা’ অসমীয়া ওপৰত জাপি তেওঁ অসমীয়া জাতিক নিঃশেষ কৰিব বিচাৰিছে গতিকে তেওঁ অসমলৈ অহা নৈতিক অধিকাৰ নাই। মোডী অসম ভ্ৰমণৰ সময়চোৱাত গ্ৰহণ কৰা হ’ব তীব্ৰ প্ৰতিবাদ-সংগঠনটো নেতৃত্বই লগতে কয়।













