স্বাস্থ্য প্ৰতিবেদন:
জিংকৰ বিষয়ে প্ৰতিটো কথাই খৰচি মাৰি আলোচনা কৰাটো অতিকৈ দৰকাৰী কথা৷ আশাকৰো মোৰ এই আলোচনাটো পঢ়ি পাঠকসকলে জিংকৰ উপযোগিতা আৰু তাৰ অভাৱত হোৱা বিপদসমূহৰ বিষয়ে অৱগত হৈ স্বাস্থ্য সচেতনতা অৱলম্বন কৰিব পাৰিব৷ লগতে বিনম্ৰভাবে জনাওঁ যে আপোনালোকে জিংকৰ সেৱন ডাক্তৰৰ পৰামৰ্শ অনুসৰিহে উচিত মাত্ৰাত কৰে যেন৷
জিংক কি ?
আইৰণ, কেলচিয়াম আৰু ক’পাৰৰ দৰে জিংক আমাৰ শৰীৰৰ বাবে এক অত্যন্ত লাগতিয়াল খনিজ৷ জিংক মানৱ শৰীৰৰ প্ৰতিটো কোষতেই থাকে৷ প্ৰাপ্তবয়স্ক পুৰুষ আৰু মহিলা উভয়ৰে তেজৰ চেৰামত থকা জিংকৰ পৰিমাণ হ’ল ০.৬৬ ৰ পৰা ১.১ মাইক্ৰগ্ৰাম %, আকৌ ১০বছৰৰ তলৰ শিশুৰ চেৰামত থকা জিংকৰ পৰিমাণ হ’ল ০.৬০ ৰ পৰা ১.২ মাইক্ৰগ্ৰাম %৷ জিংক আমাৰ শৰীৰত উৎপাদন নহয়৷ বাহিৰৰ খাদ্য বা আন স্ৰোতৰ (যেনে ঔষধি) পৰা জিংক শৰীৰে আহৰণ কৰিব লাগে৷
আমাৰ শৰীৰক দৈনিক কিমান পৰিমাণৰ জিংকৰ প্ৰয়োজন হয়?
এগৰাকী মহিলাক স্বাভাৱিক অৱস্থাত ৮ মিলিগ্ৰাম জিংকৰ প্ৰয়োজন হয়৷ গৰ্ভাৱস্থাত আৰু স্তনপান কৰোৱা অৱস্থাত বেছিকৈ জিংকৰ প্ৰয়োজন হয়৷ এজন পুৰুষক দৈনিক ১১ মিলিগ্ৰাম জিংকৰ প্ৰয়োজন হয়৷ বৃদ্ধাৱস্থাত Absorption কম হয় বাবে কিছু অধিক পৰিমাণত জিংক বাহিৰৰ পৰা ঔষধৰ ৰূপত যোগান ধৰিবলগীয়া হয়৷
জিংক কি কি খাদ্যত পোৱা যায়?
নিৰামিষৰ তুলনাত আমিষ খাদ্যত জিংক বেছিকৈ থাকে৷ সতৰ্ক নহ’লে সম্পূৰ্ণ নিৰামিষভোজী লোক জিংকৰ অভাৱত ভোগাৰ সম্ভাৱনা থাকে৷ এনে লোকক জিংক থকা দৰব খাবলৈ দিবলগীয়া হয়৷
জিংক থকা আমিষ খাদ্য হ’ল- সাগৰীয় মাছ (যেনে চালমন আৰু চাৰডিন মাছ) বা চি-ফুড যেনে অইষ্টাৰ, কেকোৰা ইত্যাদি৷ ৰঙা মাংস আৰু কণী৷
জিংক থকা নিৰামিষ খাদ্য হ’ল- গাখীৰ আৰু ডেইৰী প্ৰডাক্ট, ফলমূল আৰু শাক পাচলিৰ উদাহৰণ হ’ল- আভাকাডো, ডালিম, আনাৰস, তৰমুজ, আহোম বগৰী, নানাবিধ বেৰী আৰু পালেং, নহৰু, বীন৷ শুকান ফলৰ ভিতৰত কাজুত জিংক বুজন পৰিমাণত থাকে৷ বাদাম, আখৰোট, আলসী গুটি, তিল,ৰঙা লাউৰ গুটিত জিংক থাকে৷
শৰীৰত জিংকৰ প্ৰয়োজনীয়তা কি?
· জিংকৰ প্ৰয়োজন শৰীৰৰ সুৰক্ষা প্ৰণালী (ইমিউনিটি) বাহাল ৰাখিবলৈ৷
· জিংকৰ প্ৰয়োজন ডি এন এ নিৰ্মাণৰ বাবে৷
· জিংকৰ প্ৰয়োজন শৰীৰৰ মেটাবলিজম চলাই যাবলৈ৷
· জিংকৰ প্ৰয়োজন শৰীৰৰ বিভিন্ন এনজাইমৰ ক্ৰিয়াকলাপ চলাই যাবলৈ৷
· জিংকৰ প্ৰয়োজন শৰীৰৰ প্ৰটিন আৰু ক’লাজেন টিছু নিৰ্মাণৰ বাবে৷
· জিংকৰ প্ৰয়োজন শৰীৰৰ মস্তিষ্কৰ সক্ৰিয়তা বঢ়াবলৈ৷
· বিশ্বৰ প্ৰায় ১০শতাংশ লোক শালমনৰ (acne) সমস্যাত ভোগে৷ জিংক খালে আৰু লগালে শালমন আৰোগ্য হয়৷
· জিংকৰ দ্বাৰা চকুৰ দৃষ্টিশক্তিৰ উন্নতি হয়৷ জিংকৰ অভাৱত কুকুৰীকণা আৰু Macular degeneration হ’ব পাৰে৷
· ছাল আৰু চুলিৰ সুৰক্ষাৰ বাবে জিংক অপৰিহাৰ্য৷
· জিংকে Inflammation কমাই ফুলা অংশ সোনকালে জামৰাত আৰু শুকোৱাত সহায় কৰে৷
· জিংকৰ অভাৱত প্ৰজনন শক্তি হ্ৰাস হয়৷
· জিংকৰ অভাৱত শৰীৰৰ বিকাশ বাধাপ্ৰাপ্ত হয়৷
জিংকৰ অভাৱত কি কি হ’ব পাৰে?
এক সমীক্ষামতে বিশ্বৰ ২৫ শতাংশ লোক জিংকৰ অভাৱত নানাবিধ অসুখত ভুগি থকা বুলি জনা যায়৷
– ঘা শুকোৱাত পলম হোৱা৷
– মূৰৰ চুলি বৰকৈ সৰা৷
– সঘনাই নানান সংক্ৰমণ হোৱা৷
– নাকৰ ঘ্ৰাণশক্তি লোপ পোৱা৷
– খাদ্যত স্বাদ নোপোৱা৷
– সঘনাই ডায়েৰিয়া হোৱা৷
– মুখত বাৰে বাৰে ঘা হোৱা৷
কি কি কাৰণত শৰীৰত জিংকৰ অভাৱে দেখা দিব পাৰে?
* উপযুক্ত খাদ্যৰ অভাৱ৷
* অতিমাত্ৰা মদ্যপান৷
* পাক প্ৰণালীৰ অপাৰেচন৷
* বাৰ্ধক্যজনিত৷
* কিডনি আৰু লিভাৰৰ ৰোগ থাকিলে৷
অতিমাত্ৰা জিংকৰ পাৰ্শ্বক্ৰিয়া কি হ’ব পাৰে?
ডায়েৰিয়া, মূৰৰ বিষ, বমি, ওকালি, আভোক, উপকাৰী ক’লেষ্টেৰল (HDL) নিৰ্মাণত বাধাপ্ৰাপ্ত হোৱা, ক’পাৰ Absorption বাধাপ্ৰাপ্ত হোৱা৷ ইয়াৰে অন্তিম দুটা পাৰ্শ্বক্ৰিয়া বেচ চিন্তাজনক৷ সেয়ে সকলোকে অনুৰোধ শৰীৰৰ ইমিউনিটি বঢ়োৱাৰ বাবে চিকিৎসকৰ লগত আলোচনা নকৰাকৈ জধেমধে ফাৰ্মাচীৰ পৰা দৰব ক্ৰয় কৰি নিজক বিপদৰ মুখলৈ ঠেলি নিদিয়ে যেন৷
মোখনিত জিংকৰ ওপৰত কৰা কেইটিমান প্ৰয়োগৰ প্ৰকাশিত বিৱৰণ পাঠকৰ জ্ঞাতাৰ্থে দাঙি ধৰিলোঁ৷
* ৬০জন ডায়েবেটিক ভৰিৰ ঘা থকা ৰোগীক দিনে ২০০ মিলিগ্ৰাম জিংক দিয়াত ১২ সপ্তাহত ঘা শুকায় ৷
* বৃদ্ধ লোকক ৮০ মিলিগ্ৰাম জিংক দৈনিক নিয়মীয়াকৈ দিয়াত দৃষ্টিশক্তিৰ বেচ উন্নতি দেখা গ’ল৷ আকৌ তেনে বয়সিয়াল লোকক দৈনিক ৪৫ মিলিগ্ৰাম জিংক সেৱন কৰোৱাত সংক্ৰমণ ৬০ শতাংশ হ্ৰাস পোৱা দেখা গ’ল৷
* কমেও সাতটা প্ৰতিষ্ঠানত কৰা অধ্যয়নত দেখা গ’ল যে নিতৌ ৮০ মিলিগ্ৰাম জিংক সেৱন কৰিলে চৰ্দি-পানীলগাৰ পৰিমাণ ৩০ শতাংশ হ্ৰাস পায় ৷
ডা: ভূপেন শইকীয়া
যোগাযোগ ইমেইল – drbksaikia@gmail.com
ৱাটচএপ – 94350 48055