অজন্তা তালুকদাৰ:
বোকাখাত : ২১ জানুৱাৰীৰ পৰা বোকাখাতত আৰম্ভ হ’ব “ৰাষ্ট্ৰীয় কৃষি আৰু উদ্যান শস্য প্ৰদৰ্শনী, ২০২১ত আন্তঃৰাষ্ট্ৰীয় ভাৰ্চুৱেল অংশগ্ৰহণ ” শীৰ্ষক প্ৰদৰ্শনী।
এই উদ্দেশ্যে আজি সন্ধিয়া প্ৰদৰ্শনী থলীত অসম চৰকাৰৰ কৃষি আৰু পশুপালন মন্ত্ৰী অতুল বৰাই এক সংবাদমেল সম্বোধন কৰে। সংবাদমেলত অনুষ্ঠিত হ’ব লগীয়া প্ৰদৰ্শনীখনৰ কাৰ্যসূচী আৰু পৰিকল্পনা সন্দৰ্ভত মন্ত্ৰী গৰাকীয়ে বক্তব্য ডাঙি ধৰে।
প্ৰসংগক্ৰমে তেওঁ উল্লেখ কৰে যে প্ৰদৰ্শনীখন অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে উদ্বোধন কৰিব আৰু দেশৰ কেন্দ্ৰীয় কৃষি মন্ত্ৰী গৰাকীয়ে উদ্বোধনী অনুষ্ঠানত ভাৰ্চুৱেল অংশ গ্ৰহণ কৰিব।
লগতে মন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়ে যে প্ৰদৰ্শনীত দেশৰ বিভিন্ন ৰাজ্যৰ অত্যাধুনিক কৃষি সঁজুলি তথা কৃষি ব্যৱস্থাপনাৰ আহিলা সমূহৰ প্ৰদৰ্শন কৰা হ’ব, লগতে প্ৰশিক্ষণৰো ব্যৱস্থা থাকিব। কৰুণাসৃষ্ট পৰিৱেশৰ বাবে বাবে বিভিন্ন ৰাষ্ট্ৰৰ প্ৰতিনিধি সকল অহাত বাধাৰ সৃষ্টি হৈছে যদিও সেই সকলৰ একাংশৰ ভাৰ্চুৱেল অংশ গ্ৰহণ নিশ্চিত হৈছে বুলিও তেওঁ জানিবলৈ দিয়ে।
লগতে মন্ত্ৰী অতুল বৰাই উল্লেখ্য কৰে যে দেশৰ কৃষক সকলৰ উন্নয়নৰ বাবে বিভিন্ন আঁচনি প্ৰস্তুত কৰা হৈছে। প্ৰধান মন্ত্ৰী ফচল বীমা যোজনাৰ অধীনত দেশৰ কৃষক সকলৰ ফচলৰ বীমা আঁচনি যুগুত কৰা হৈছে।
কৃষক সকলে ফচল কঢ়িয়াবলৈ সুবিধা হোৱাকৈ প্ৰতিগৰাকী কৃষকলৈ মিনি ট্ৰাক প্ৰদানৰ পৰিকল্পনা কৰা হৈছে। ৰাজ্যৰ প্ৰতিখন জিলাত একোটিকৈ শীতলীকৰণ গৃহ স্থাপনৰো চিন্তা চৰ্চা চলি আছে।
তদুপৰি পাবলিক প্ৰাইভেট পাৰ্টনাৰশ্বিপৰ অধীনত কিছু ক্ষুদ্ৰ শীতলীকৰণ গৃহৰো পৰিকল্পনা কৰা হৈছে য’ত ইচ্ছুক লোকে পাঁচ লাখ টকাৰ বিনিয়োগ কৰি চৰকাৰী সাহায্যৰে একোটিকৈ শীতলীকৰণ গৃহ স্থাপন কৰিব পাৰিব।
অৱশ্যে ৰাজ্যৰ শীতলীকৰণ গৃহৰ ব্যৱস্থাৰ ব্যৰ্থতাৰ অন্যতম কাৰণ হিচাপে পৰ্যাপ্ত বিদ্যুতৰ নাটনিৰ সমস্যাৰ কথা তেওঁ স্বীকাৰ কৰে। ৰাজ্যখনৰ কৃষিখণ্ডৰ উন্নয়নৰ বাবে চৰকাৰে বিদেশী ৰাষ্ট্ৰত কৃষি কৰাৰ উন্নত আৰ্হি দেখুৱাবৰ বাবে ৰাজ্যখনৰ কৃষকক বিদেশলৈ নিছে।
গ্ৰাম্য অৰ্থনীতিৰ বুনিয়াদ শক্তিশালী কৰাৰ ক্ষেত্ৰত কৃষি খণ্ডৰ উন্নয়নৰ কোনো বিকল্প নাই বুলিও তেওঁ বক্তব্য প্ৰসংগত মত পোষণ কৰে। লগতে তেওঁ জানিবলৈ দিয়ে যে অসমৰ দৰে বানপীড়িত ৰাজ্যৰ কৃষি খণ্ডই বানপানীৰ সৈতে মোকাবিলা কৰিব পৰাকৈ ৫০০০ তকৈও অধিক প্ৰকাৰৰ বানপানী বহনক্ষম বীজ তিতাবৰত সংৰক্ষণ কৰা হৈছে।
বানপানী বহনক্ষম এই বীজে ভৱিষ্যতৰ কৃষি খণ্ডত এক নতুন মাত্ৰা প্ৰদান কৰিব বুলিও তেওঁ মন্তব্যত আশা প্ৰকাশ কৰে। লগতে ২০২২ চনত কৃষকৰ আয় দুগুণ কৰাৰ পৰিকল্পনাৰে বাৰ্ষিক নূন্যতম দুটাকৈ খেতি কৰাৰ আঁচনি যুগুত কৰাৰ সন্দৰ্ভতো তেওঁ গুৰুত্ব আৰোপ কৰে।
আজিৰ সংবাদমেলত মন্ত্ৰী গৰাকীৰ সৈতে উপস্থিত থাকে অসম চৰকাৰৰ প্ৰধান সচিব আৰু কৃষি উৎপাদন আয়ুক্ত ৰাজেশ প্ৰসাদ আৰু অসম চৰকাৰ কৃষি বিভাগৰ আয়ুক্ত সচিব আৰু সঞ্চালক আকাশ দীপ।













