![]()
২১ জানুৱাৰী বৃহস্পতিবাৰৰ পৰা আৰম্ভ হৈছে গোভা দেওৰজাই আৰম্ভ কৰা ঐতিহাসিক জোনবিল মেলা ৷ দেওশাল চাৰিভাই শিৱথানত মাংগলিক পূজাপাতলেৰে আৰম্ভণি কৰা হৈছে এই মেলাৰ ৷ মেলাৰ প্ৰথম দিনটোৰপৰাই নিজ উৎপাদিত সামগ্ৰী লৈ পাহাৰৰ পৰা নামি আহিছে মামা-মামীসকল ৷

নিশাটো মেলাথলীত কটোৱাৰ পিছত শুকুৰবাৰৰ দ্বিতীয় দিনা অনুষ্ঠিত হ’ব বিনিময় প্ৰথা ৷ বিনিময় প্ৰথাৰ সমান্তৰালকৈ চলিব মৎস চিকাৰ আৰু কুকুৰা যুঁজ৷ ৰাজদৰবাৰত থাকিব ১৮ গৰাকী তিৱা ৰজা ৷ এই অনুষ্ঠানতেই তেওঁলোকক মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰদান কৰিব ৰাজভাট্টা ৷
গোভা ৰজাৰ শাসনৰ সময়তেই এই মেলাৰ আৰম্ভ হৈছিল বুলি জানিব পৰা যায় । এই মেলাৰ বিশেষ তাৎপৰ্য হৈছে পাহাৰত বসবাস কৰা জনজাতীয় তিৱা লোকসকলে তাত উৎপাদিত বিভিন্ন দ্ৰব্য ভৈয়ামত বাস কৰা তিৱা তথা অন্য জনগোষ্ঠীয় লোকসকলে তৈয়াৰ কৰা পিঠা, সান্দহ, শুকান মাছ আদিৰ সৈতে বিনিময় কৰে। ইয়াত জাতি-বৰ্ণ-ভাষা নিৰ্বিশেষে সকলোৱে দ্ৰব্য বিনিময় কৰিব পাৰে । সেয়ে এই মেলাক সম্প্ৰীতিৰ মেলা বুলিও জনা যায়।













