![]()
লংকাৰ পৰা মনোজ কুমাৰ পাঠক
আধাৰ কাৰ্ড বনোৱাৰ নামত এইবাৰ চহী-মোহৰ জালিয়াতিৰ অপৰাধত লিপ্ত হৈছে লংকাৰ এক কু-চক্ৰ।হোজাই জিলাৰ লংকাৰ কাকী টঙিয়াত সক্ৰিয় চক্ৰটোৱে কাকী প্ৰাথমিক চিকিৎসালয়ৰ চিকিৎসক ডা: অমলেন্দু ৰয়ৰ চহী আৰু মোহৰ জালিয়াতি কৰি ৰমৰমীয়া ব্যৱসায়ত লিপ্ত হৈছে। জন্মৰ প্ৰমাণ-পত্ৰকে ধৰি প্ৰয়োজনীয় নথি নথকা লোকক আধাৰ কাৰ্ড বনোৱাৰ বাবে প্ৰয়োজন হয় চিকিৎসক অথবা বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ প্ৰমাণ-পত্ৰ।
সেয়ে এনে বহুজনে উক্ত প্ৰমাণ-পত্ৰ বিচাৰি হাবাথুৰি খোৱাৰ সময়তেই লংকাৰ কাকী টঙিয়াত সক্ৰিয় হৈ পৰিছে কু-চক্ৰটো। ধনৰ বিনিময়ত জালিয়াতিৰে মুনাফা আদায়ৰ বাবে অপৰাধত লিপ্ত হোৱা চক্ৰটোৰ বিষয়ে শেহতীয়াকৈ কাকী প্ৰাথমিক চিকিৎসা কেন্দ্ৰৰ চিকিৎসক অমলেন্দু ৰয়ে অৱগত হোৱাৰ পাছতেই কাকী আৰক্ষী থানাত এজাহাৰ দাখিল কৰে।
কিন্ত অতি ৰহস্যজনকভাৱে অপৰাধী কু-চক্ৰটোৰ বিষয়ে তথ্য লাভ কৰে যদিও আৰক্ষীয়ে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উঠিচে। ইপিনে, জালিয়াতি কু-চক্ৰটোৱে ইয়াৰ অচিলা লৈ অব্যাহত ৰাখিচে জাল চহী-মোহৰৰ কাৰবাৰ। এই সন্দৰ্ভত চিকিৎসকগৰাকীয়ে আৰক্ষীক পুনৰ অভিযোগ কৰিছে যদিও আৰক্ষীয়ে তদন্ত অব্যাহত আছে বুলি মন্তব্য প্ৰকাশ কৰিয়েই বিষয়টোৰপৰা আঁতৰি থকাৰ অভিযোগ উঠিচে। এইক্ষেত্ৰত চিকিৎসকগৰাকীয়ে হোজাই জিলাৰ আৰক্ষী-প্ৰশাসনৰ দৃষ্টিগোচৰ কৰি সমগ্ৰ বিষয়টিৰ উচিত তদন্তৰ দাবী জনাইছে৷












