ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : সমাগত বিধানসভা নির্বাচন চমু চাপি অহাৰ সময়ত বিভিন্ন ৰাজনৈতিক দলসমূহে নিজ দলৰ সপক্ষে নিৰ্বাচনী কুচ-কাৱাজ তীব্ৰতৰ কৰাৰ সমান্তৰালকৈ পাহাৰীয়া জিলা কাৰবি আংলঙতো আৰম্ভ হৈছে নিৰ্বাচনী তৎপৰতা ৷

আজি বোকাজানৰ সৰিয়হজান ছাই খেলপথাৰত বিজেপিৰ পৃষ্ঠা প্ৰমুখৰ এক দলীয় সভাত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসে দলীয় কৰ্মীসকলক সম্বোধন কৰে ৷
বিজেপিৰ সভাপতিগৰাকীয়ে সংবাদ মাধ্যমৰ আগত এআইইউডিএফ সভাপতি মৌলনা বদৰউদ্দিন আজমলৰ ওপৰত উদ্বিগ্নতা ব্যক্ত কৰি কয় যে, আজমলে বিগত সময়ছোৱাত কেৱল ধর্মীয় সংখ্যালঘু সম্প্রদায়ৰ লোকসকলৰ আবেগক লৈ ৰাজনীতি কৰি আহিছে।
এনে কেতবোৰ সাম্প্রদায়িক মন্তব্যৰ বাবেই বিগত চৰকাৰৰ শাসনত সাম্প্রদায়িক সংঘর্ষৰো সূচনা হোৱা বুলি মন্তব্য কৰি সম্প্রতি বিজেপিৰ শাসনত ‘সবকে সাথ সবকে বিকাশ’ নীতিৰ আধাৰত অসমৰ সংখ্যালঘু সমাজে পূর্বৰ তুলনাত অধিক সুৰক্ষা লাভ কৰা বুলি মন্তব্য কৰে।

লগতে বিজেপিৰ আমোলতহে অসমৰ সংখ্যালঘু ৰাইজ সবাতোকে সুৰক্ষিত বুলিও দাবী কৰে বিজেপি দলৰ ৰাজ্যিক সভাপতিগৰাকীয়ে।












