স্বাস্থ্য প্ৰতিবেদন:
ইলাচি এনে এক উপাদান যিয়ে যিকোনো খাদ্যৰ সোৱাদক সমৃদ্ধি কৰে। পিছে ইয়াৰ ব্যৱহাৰ কেৱল ৰন্ধনতেই সীমাবদ্ধ নহয়। ইলাচিৰ পেষ্ট, গুড়ি, তেল আৰু ইলাচিৰ চাহ বজাৰত সচৰাচৰ পোৱা যায়। ই এক প্রকাৰ মচলা। ইলাচিত আছে নানা ঔষধি গুণাৱলী আৰু স্বাস্থ্য উপকাৰিতা। বহু বছৰ ধৰি ঐতিহ্যবাহী মচলা আৰু সুস্বাদু উপাদান হিচাবে ব্যৱহাৰ হৈ আহিছে ইলাচি।
মৌ, নেমুৰ ৰস আৰু গৰম পানীৰ সৈতে এটা ইলাচি মিহলাই খালে শ্বাসকষ্ট দূৰ হয়। হুপিংকাহ আৰু হাওঁফাওঁৰ সংক্রমণৰ দৰে সমস্যাত যিসকলে ভুগিছে তেওঁলোকে নিয়মিত এই উপায়ত ইলাচি-পানী খাব পাৰে। কেইদিনমান পিছত নিজেই উপকাৰিতা বুজিব পাৰিব।
হাঁপানি আৰু হৃদৰোগ
ইলাচিত থকা উপাদানে হাঁপানি আৰু হৃদৰোগ নিৰাময়ত অত্যন্ত গুৰুত্বপূর্ণ ভূমিকা পালন কৰে। নিয়মিত ইলাচি খোৱাৰ ফলত হৃদৰোগ প্রতিৰোধ হয় আৰু হৃদস্পন্দন স্বাভাবিক থাকে। ইয়াৰ ফলত ৰক্তচাপ নিয়ন্ত্রণত থাকে। ইলাচিৰ গুড়িৰ সৈতে মৌ মিহলাই নিয়মিত খালে হৃদৰোগত যথেষ্ট উপকাৰত আহে।
মুখৰ দুর্গন্ধ
মুখত দুর্গন্ধ থকা বিব্রতকৰ এক সমস্যা। বহুতৰ মুখতেই কাৰণবশত দুর্গন্ধ থাকে। মুখ ভালদৰে পৰিষ্কাৰ কৰাৰ পিছতো দুর্গন্ধ থাকি যায়। যিসকলে এনেধৰণৰ সমস্যাযত ভোগে তেওঁলোকে এটা ইলাচি চোবাই থাকক। মুহূর্ততেই মুখৰ দুর্গন্ধ দূৰ হৈ যাব।
মূৰৰ বিষ
ইলাচি চাহ মূৰৰ বিষ দূৰ কৰাত যথেষ্ট সহায়ক। গৰম পানীত ইলাচি গুড়ি আৰু মৌ দি উতলাই খালে মূৰৰ বিষ কমিবলৈ আৰম্ভ কৰে। মূৰৰ বিষ দূৰ কৰাৰ উপৰি ইলাচি চাহে মানসিক চাপ কমোৱাত সহায়ক ভূমিকা পালন কৰে।
উদ্বেগ
এক গৱেষণাযত দেখা গৈছে ইলাচিৰ ৰসে উদ্বেগজনক আচৰণ ৰোধ কৰিব পাৰে। নিয়মিত ইলাচিৰ নির্যাস খোৱাৰ ফলত মানসিক উদ্বেগ বহুখিনি কমি যায়। এইক্ষেত্রত চিকিৎসকৰ পৰামর্শ মানি চলিব লাগিব।